গুৱাহাটী, 19 জুন: বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ 2001 চনত মহন্তৰ জৰিয়তেই বিজেপিৰে প্ৰথম মিত্ৰতা হৈছিল অগপৰ । শুকুৰবাৰে আমবাৰীস্থিত অগপৰ কাৰ্যালয়ৰ এক সংবাদমেলত এই দাবী কৰে দলটোৰ সাধাৰণ সম্পাদক কমলা কলিতাই ৷ সংবাদমেলত সাংবাদিকৰ প্ৰশ্নোত্তৰত স্পষ্ট হয় যে এইবাৰ অগপ দলে দলটোৰ শীৰ্ষ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সম্পূৰ্ণ অৱজ্ঞা কৰি আৰম্ভ কৰিছে নিৰ্বাচনী কাম ৷ প্ৰফুল্ল কুমাৰ মহন্ত বৈঠকত উপস্থিত নথকাৰ সন্দৰ্ভত কমলা কলিতাই কয় যে আজি সাধাৰণ সম্পাদক আৰু দায়িত্বত থকা সকলকহে মতা হৈছে মহন্তক নিমন্ত্ৰণ দিয়া হোৱা নাই । কলিতাই লগতে সংবাদমেলত উল্লেখ কৰে যে,বিগত কিছু সময় ধৰি মহন্তৰ দল বিৰোধী কাৰ্যকলাপৰ বিষয়ে ইতিমধ্যে আলোচনাত মিলিত হৈছে দলটোৰ শীৰ্ষ নেতৃত্ব ৷ তেওঁ লগতে ৰাজ্যৰ ৰাজনীতিত তৃতীয় মৰ্চাৰ স্থায়িত্ব সম্পৰ্কতো প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁ কয় যে,ৰাজনীতিত তৃতীয় মৰ্চাৰ স্থায়িত্ব কি সেইয়া সকলোৱে দেখি আহিছে ৷
মহন্তক অৱজ্ঞা কৰি অগপ দলে আৰম্ভ কৰিছে নিৰ্বাচনী কাম - AGP
ৰাজ্যৰ ৰাজনীতিত তৃতীয় মৰ্চাৰ স্থায়িত্ব সম্পৰ্কতো প্ৰশ্ন উত্থাপন কমলা কলিতাৰ ৷ ৰাজনীতিত তৃতীয় মৰ্চাৰ স্থায়িত্ব কি সেইয়া সকলোৱে দেখি আহিছে বুলি মন্তব্য কলিতাৰ ৷
আনহাতে এইবাৰ নিৰ্বাচনত অগপই ৰাজ্যৰ 85 টা সমষ্টিত টাৰ্গেট কৰাৰ কথা উল্লেখ কৰে । ইয়াৰ বাবে 1 জুলাইৰ পৰা সমষ্টিৰ ভিত্তিত আই টি চেলৰ সদস্যক 5 দিনকৈ প্ৰশিক্ষণ দিয়াৰ কথা ব্যক্ত কৰে কলিতাই ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে আই টি চেলক সাজু কৰি তোলা কথাও প্ৰকাশ কৰে কলিতাই ৷ প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে নিৰ্বাচনৰ প্ৰচাৰ চলাব অগপ নিৰ্বাচিত আই টি চেলে । অগপৰ কাৰ্যালয়ত অগপ আই টি চেলৰ সৈতে কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ বাবে শুকুৰবাৰে এক বৈঠকো আয়োজন কৰে । বৈঠকত উপস্থিত থাকে সভাপতি অতুল বৰা,কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,সাধাৰণ সম্পাদক কমলা কলিতা আৰু কেন্দ্ৰীয় নেতৃবৰ্গ । ইতিমধ্যেই দলটোৱে চ'ছিয়েল মেডিয়াৰ জৰিয়তে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাম 50 শতাংশ সম্পূৰ্ণ কৰিছে বুলি জানিবলৈ দিয়ে সাধাৰণ সম্পাদক কমলা কলিতাই ।