কংগ্ৰেছৰ গাত ষড়যন্ত্ৰৰ দোষ জাপিলে অতুল বৰাই গুৱাহাটী, ১০ অক্টোবৰ: অগপ দলৰ কেইবাগৰাকী শীৰ্ষ নেতাই কংগ্ৰেছ দলত যোগদান কৰাৰ কথা মঙলবাৰে সম্পূৰ্ণভাৱে নসাৎ কৰে অগপৰ সভাপতি অতুল বৰাই । গুৱাহাটীত অগপৰ আমবাৰী কাৰ্যালয়ত অনুষ্ঠিত অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ অন্তত বৰাই কয় যে অগপৰ দলৰ কোনো শীৰ্ষ নেতা কংগ্ৰেছ দলত যোগদান নকৰে । এয়া অপপ্ৰচাৰ, কংগ্ৰছৰ ষড়যন্ত্ৰ ।
উল্লেখ্য যে অগপৰ চাৰিগৰাকীকৈ জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰাৰ বাবে প্ৰস্তুতি চলোৱা বুলি চৰ্চিত হৈ আছিল । দলটোৰ কেইজনমান নেতাই নিজৰ স্বাৰ্থৰ বাবে দলটোক ব্যৱহাৰ কৰি অহাৰ পৰিপ্ৰেক্ষিতত বহু জ্যেষ্ঠ নেতা বৰ্তমান ক্ষোভিত হৈ পৰিছিল । দলটোৰ জন্মলগ্নৰে পৰা জড়িত হৈ থকা বহু নেতাই দলটোত অস্তিত্বহীন হৈ পৰিছে । যাৰ বাবেই একাংশই কংগ্ৰেছ দললৈ যোৱাৰ বাবে মন মেলিছে বুলি চৰ্চা লাভ কৰিছিল ।
অগপৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, ডাঃ কমলা কলিতা আৰু উৎপল দত্তই কংগ্ৰেছত যোগদান কৰাৰ বাবে ইতিমধ্যে যোগাযোগ কৰিছে বুলি অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰচাৰ চলাই আছিল । অতুল বৰাই কয় যে অগপৰ শীৰ্ষ নেতা কংগ্ৰেছ দলত যোগদান কৰিব বুলি ওলোৱা অপপ্ৰচাৰৰ অনুসন্ধান কৰা হ'ব । উল্লেখ্য যে আজি অগপৰ কাৰ্যনিৰ্বাহকৰ সভাত আটাইকেইগৰাকী শীৰ্ষ নেতা উপস্থিত আছিল ৷
সভাপতিগৰাকীয়ে লগতে কয় যে অহাবাৰ লোকসভাত অগপৰ এজন হ’লেও সাংসদ থকাতো নিশ্চিত ৷ অগপ এক সংঘবদ্ধ দল বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে যোৱা সাত বছৰে দলটোৱে কেৱল জাতিৰ বাবে আৰু জনতাৰ বাবে নিষ্ঠাৰে কাম কৰি আহিছে ৷
লগতে পঢ়ক:Prabin Boro to Join Congress: জাতীয়তাবাদী প্ৰবীণ বড়োৰ কংগ্ৰেছ যাত্ৰা কিয়? ইটিভি ভাৰত Exclusive