অসম

assam

By

Published : Oct 6, 2021, 3:43 PM IST

ETV Bharat / state

উপ-নিৰ্বাচনত আত্মসমৰ্পণ অগপৰ !

এটাও সমষ্টিত প্ৰাৰ্থী নিদিয়ে অসম গণ পৰিষদে । প্ৰতিদ্বন্দিতা নকৰি পূৰ্বেই পৰাজয় স্বীকাৰ দলটোৰ সভাপতি অতুল বৰাৰ । এসময়ত উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ছটা সমষ্টিতেই আছিল অগপৰ ভেঁটি । নিজৰ পৰাজয় স্বীকাৰ কৰি লোৱা কাৰ্যই দলটোৰ চৰম বিপৰ্যয়ৰ কথাকেই প্ৰমাণ কৰিছে । বিজেপিৰে মিত্রতাৰ বান্ধোনত আৱদ্ধ হৈ পৰা অগপ যেন অস্তিত্বহীন হৈ পৰিল ।

AGP not to contest By election
এটাও সমষ্টিত প্ৰাৰ্থী নিদিয়ে অসম গণ পৰিষদে

গুৱাহাটী, ৬ অক্টোবৰ: ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ৩০ অক্টোবৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে মাজুলী সমষ্টিতো উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব যদিও এতিয়াও দিন ঘোষণা কৰা হোৱা নাই । ইতিমধ্যে, প্ৰতিটো দলেই ব্যাপক তৎপৰতাৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে সাজু হৈছে । বিভিন্ন দলে প্ৰাৰ্থী তালিকাও প্ৰকাশ কৰিছে ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে জন্ম লাভ কৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলো উপ-নিৰ্বাচনৰ বাবে সাজু হৈ ৰণকৌশল যুগুত কৰিছে । সমষ্টিকেইটাৰ আসন দখল কৰিবলৈ শাসক-বিৰোধী উভয় পক্ষই ৰণনীতি প্ৰস্তুত কৰিছে । কংগ্ৰেছ, বিজেপি, ৰাইজৰ দল, ইউ পি পি এলে ঘোষণা কৰিছে তেওঁলোকৰ প্ৰাৰ্থী । কিন্তু আশ্চৰ্যজনকভাৱে এই উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল তথা বিজেপি মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ নাই কোনো প্ৰস্তুতি ।

অগপ নেতৃত্ব

বিজেপিৰে মিত্রতাৰ বান্ধোনত আৱদ্ধ হৈ পৰা অগপৰ যেন অস্তিত্বই নোহোৱা হৈ পৰিল । মাজুলীকে ধৰি উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া থাওৰা, মৰিয়নি, ভৱানীপুৰ, তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত এসময়ত অগপৰ সবল ভেঁটি আছিল । কিন্তু বৰ্তমান এই আটাইকেইটা সমষ্টিতে অগপৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাটো দূৰৰে কথা, নাই কোনো সাংগঠনিক কুচ-কাৱাজ ।

লক্ষণীয় বিষয় যে, কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰাই কৈছিল যে পূৰ্বে এই ছয়খন আসনতেই অগপই জয় লাভ কৰিছিল । কিন্তু এতিয়া এই সমষ্টিকেইটাত অগপই জয়লাভ কৰিব নোৱাৰে । এইদৰেই এসময়ৰ শক্তিশালী আঞ্চলিক দলটোৱে এতিয়া অসহায় হৈ প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা আঁতৰি আহিছে । সভাপতি বৰাই কয় যে, জনগাঁথনি সলনি হৈছে সমষ্টিসমূহৰ ।

উপ-নিৰ্বাচনত আত্মসমৰ্পণ অগপৰ

সেয়ে, তেওঁলোক জয়ী হ'ব নোৱাৰে । আসন দাবী কৰা আৰু প্ৰতিদ্বন্দিতা কৰাটো ডাঙৰ কথা নহয় । দুটাকৈ কাৰ্যকালৰ বাবে অসমৰ শাসনৰ বাঘজৰী লাভ কৰা অগপ এতিয়া ৰাষ্ট্ৰীয় দল বিজেপিৰ গ্ৰাসত পৰিছে । এসময়ৰ অসমৰ শাসন নিজৰ হাতলৈ নিবলৈ সক্ষম হোৱা শক্তিশালী আঞ্চলিকতাবাদী শক্তি হিচাপে পৰিচিত হোৱা অগপৰ আজিৰ এই অৱস্থাই এতিয়া আঞ্চলিকতাবাদী মনোভাৱাপন্ন লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সৈতে অতুল বৰা

পূৰ্বে নিজৰ দখলত ৰখা এই সমষ্টিত এতিয়া অগপই বিনা প্ৰতিদ্বন্দিতাৰে পূৰ্বেই নিজৰ পৰাজয় স্বীকাৰ কৰি লোৱা কাৰ্যই দলটোৰ চৰম বিপৰ্যয়ৰ কথাকেই প্ৰমাণ কৰিছে বুলি চৰ্চা চলিছে । উল্লেখ্য যে, অগপই একমাত্ৰ দল, যিটো দলৰ বিধায়ককে পূৰ্বে এই ৬টা সমষ্টিতে জয়ী হৈছিল । ভৱানীপুৰ সমষ্টিত অভিলেখ সংখ্যক চাৰিবাৰ অগপ প্ৰাৰ্থী জয়ী হৈছিল । মাজুলী সমষ্টিতো চাৰিবাৰ জয় হৈছিল অগপ প্ৰাৰ্থী ।

হিমন্ত বিশ্ব শৰ্মা সহ অগপৰ দুই মন্ত্ৰী

সেইদৰে গোসাঁইগাঁও আৰু থাওৰাৰ অগপ বিধায়কে মন্ত্ৰিত্ব লাভ কৰিছিল । আনহাতে, তামুলপুৰত ভৱেন নাৰ্জাৰী আৰু মৰিয়নিত নৰেন তাঁতী অগপৰ বিধায়ক আছিল । কিন্তু সেই অগপ দলে বৰ্তমান এইকেইটা সমষ্টিত নিজৰ প্ৰাৰ্থী দিবলৈ সাহস কৰা নাই । অগপৰ বাবে ইয়াতকৈ আৰু কি বিপৰ্যয় হ'ব পাৰে ।

লগতে পঢ়ক:থাওৰাৰ ৰাজনীতি : সুশান্তক ৰঙা দলিচা, কুশলক ললিপপ

ABOUT THE AUTHOR

...view details