অসম

assam

ETV Bharat / state

Lok sabha polls 2024: বিজেপিয়ে দিয়ে এখন; অগপক লাগে কমেও চাৰিখন আসন - Lok sabha election 2024

বিজেপিয়ে মিত্ৰদল অগপক এখন আসন দিয়াৰ কথা ঘোষণা কৰাৰ অগপ নেতাৰ পাছতে প্ৰতিক্ৰিয়া । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক উভতি ধৰিলে অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিজেপিৰ নেতৃত্বৰ লগত আসন ভাগ-বাটোৱাৰাক লৈ কোনো আলোচনা হোৱাই নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত হোৱা আলোচনাৰ অন্ততহে আসনৰ বিষয়টো চূড়ান্ত হ'ব ।

Lok sabha polls 2024
Lok sabha polls 2024

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 9:35 PM IST

ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ২ নবেম্বৰ: আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰদল অগপক এখন আসন দিয়াৰ কথা সদৰী কৰাৰ পাছতে অগপ দলত অসন্তুষ্টিয়ে দেখা দিছে । উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত ১২ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে । মিত্ৰদল অগপ আৰু UPPL ক এৰি দিব একোটাকৈ সমষ্টি । এই কথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে হোৱা বৈঠকৰ পাছতে ঘোষণা কৰিছিল ।

বিগত দুটা লোকসভা নিৰ্বাচনত এখনো আসনত জয়লাভ নকৰা অগপই এইবাৰ এখন আসন লাভ কৰিব আৰু বিজয় নিশ্চিত থকা সমষ্টি অগপক এৰি দিয়া হ'ব বুলি ভৱেশ কলিতাই সদৰী কৰিছিল । ভৱেশ কলিতাৰ এই ঘোষণাৰ পাছতে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অগপৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

নিজৰ প্ৰতিক্ৰিয়াত বিধায়ক কলিতাই কয় যে বিজেপিৰ নেতৃত্বৰ লগত আসন ভাগ-বাটোৱাৰাক লৈ কোনো আলোচনা হোৱাই নাই । ভৱেশ কলিতাই কিয় এখন আসনৰ কথা কৈছে নাজানো বুলি সদৰী কৰি তেওঁ কয় যে আলোচনা নকৰাকৈ যদি বাতৰি ওলাই, সেয়া সত্য বুলি মানি ল'ব নোৱাৰি । ‘‘কোনখন আমাক লাগিব, কি আসন আমাক দিব, আলোচনা হ’লেহে হ'ব, এনেকৈ ঘোষণা কৰিব নোৱাৰে’’ বুলি তেওঁ কয় ।

কলিতাই লগতে কয় যে বিগত দিনত অগপই লোকসভাৰ ১০ খন আসনত জয় লাভ কৰাৰ ইতিহাস আছে । ১৪ টা লোকসভা সমষ্টিতে দলৰ ভেঁটি শক্তিশালী কৰাৰ বাবে দলে প্ৰচেষ্টা হাতত লৈছে বুলি সদৰী কৰি তেওঁ কয়, ‘‘আসনৰ ভাগ-বাটোৱাৰ হ'বলৈ হ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতহে আমাৰ আলোচনা হ'ব ।’’

সেই আলোচনাৰ অন্তহে আসনৰ বিষয়টো চূড়ান্ত হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে আলোচনা নোহোৱাকৈ এখন আসন দিয়াৰ কথাটো বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কিয় কৈছে আমি নাজানো ।

তেওঁ আৰু কয় যে অগপৰ নেতৃত্বৰ লগত বিজেপিয়ে আলোচনা কৰিব লাগিব, একপক্ষীয় ভাৱে ক'লেই নহ'ব । এখন আসন আমি মানি নলওঁ বুলি স্পষ্ট কৰি তেওঁ কয় যে আমি কমেও চাৰিখন আসন বিচাৰিম । বৰপেটা, গুৱাহাটী, তেজপুৰ, কাজিৰঙা, যোৰহাট আৰু মঙলদৈ অগপৰ বাবে ভাল বুলি তেওঁ সদৰী কৰে ।

উল্লেখ্য যে মিত্ৰদল অগপৰ এনে স্থিতিৰ বিপৰীতে বিজেপিয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । অৱশ্যে শেষ মূহুৰ্তত অগপই বিজেপিৰ কথা মানি ল’বও পাৰে ।

লগতে পঢ়ক:BJP alliance seat share in Assam: লোকসভা নিৰ্বাচনত কিদৰে হ’ব বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বাটোৱাৰা ?

ABOUT THE AUTHOR

...view details