গুৱাহাটী, ২৬ ডিচেম্বৰ: আসনৰ হিচাপ-নিকাচ এতিয়াও চূড়ান্ত হোৱা নাই যদিও লোকসভা নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিৰ মিত্ৰদল অগপই ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে । বিগ ব্ৰাদাৰ বিজেপিয়ে মিত্ৰদল অগপক কেইখন আসন এৰি দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । সেই অনিশ্চয়তাৰ মাজতে নিৰ্দিষ্ট কেতবোৰ সমষ্টিত বুথ কৰ্মী সন্মিলনৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু হৈছে আঞ্চলিক দল অগপ ।
নতুন বছৰৰ আৰম্ভণীৰ পৰাই ৰণত নামিব অগপ । ৮ জানুৱাৰীৰ পৰাই বুথ কৰ্মী সন্মিলনৰ জৰিয়তে অগপই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব । ৮ জানুৱাৰীত দলটোৱে বৰপেটা লোকসভাত অনুষ্ঠিত কৰিব বৃহৎ বুথ সন্মিলন । সমষ্টিটোৰ সকলো বুথ কমিটীৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হ’ব লগা সন্মিলনত কেন্দ্ৰীয় নেতৃত্বই অংশ গ্ৰহণ কৰি জনতাক সম্বোধন কৰিব ।
বৰপেটা সন্মিলনৰ পাছতেই ১০ জানুৱাৰীত দলটোৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত হ’ব কাজিৰঙাত । কাজিৰঙা লোকসভা সমষ্টিত অনুষ্ঠিত কৰিব লোকসভাৰ নিৰ্বাচন-কেন্দ্ৰিক দ্বিতীয়খন বুথ সন্মিলন । ইয়াৰ পাছত অর্থাৎ ভোগালী বিহুৰ পাছত পর্যায়ক্ৰমে যোৰহাট, শোণিতপুৰ, কৰিমগঞ্জ, লখিমপুৰ আৰু গুৱাহাটী লোকসভা সমষ্টিত বুথ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে অগপই ।
উল্লেখ্য যে জয়ী হ’ব পৰা সমষ্টি বিচাৰি আঞ্চলিক দলটোৱে দীৰ্ঘদিন ধৰি মিত্ৰদল বিজেপিৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে । তেজপুৰ আৰু কাজিৰঙা সমষ্টি বিচাৰি বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি অহাৰ পাছতো এই পর্যন্ত অগপৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি জনোৱা নাই বিজেপিয়ে । বিজেপিৰ এনে স্থিতিত এতিয়া অস্বস্তিত পৰিছে আঞ্চলিক দলটো ।