অসম

assam

ETV Bharat / state

MLA Padma Hazarika: চতিয়াত পদ্ম হাজৰিকাৰ নেতৃত্বত ৰাজনৈতিক সন্ত্ৰাস চলিছে; অগপ নেতা পাৰ্থ প্ৰতীম বৰা - বৃন্দাবন গোস্বামী

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে সৰৱ অগপ নেতা পাৰ্থ প্ৰতীম বৰা ৷ বৰাৰ পিতৃ সন্দৰ্ভত পদ্ম হাজৰিকাই সংবাদমেল সম্বোধন কৰি বিভিন্ন অভিযোগ উত্থাপন কৰাৰ প্ৰত্যুত্তৰ দি পাৰ্থ প্ৰতীম বৰাই কয় যে পদ্ম হাজৰিকাৰ আজি জাতীয়তাবাদৰ কথা ক'বলৈ অধিকাৰ নাই ।

MLA Padma Hazarika
MLA Padma Hazarika

By

Published : Aug 10, 2023, 10:00 PM IST

Updated : Aug 10, 2023, 10:39 PM IST

বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে সৰৱ অগপ নেতা পাৰ্থ প্ৰতীম বৰা

গুৱাহাটী,১০ আগষ্ট:ৰাজনৈতিক সন্ত্ৰাস চলিছে চতিয়া সমষ্টিত ৷ বিধায়ক পদ্ম হাজৰিকাৰ তত্বাৱধানত চলিছে আৰক্ষী -প্ৰশাসন । যাৰ বাবে সমষ্টিটোত বিঘ্নিত হৈছে আইন-শৃংখলা পৰিস্থিতিৰ । বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেলযোগে এই অভিযোগ উত্থাপন অগপ দলৰ নেতা পাৰ্থ প্ৰতীম বৰাৰ ।

অগপ নেতাগৰাকীৰ পিতৃ প্ৰসন্ন বৰা সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত থকা-নথকাক লৈ চতিয়া সমষ্টিৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাই কৰা অপমানসূচক মন্তব্যৰ পিচত এনেদৰে বিধায়কগৰাকীক উভতি ধৰিছে পাৰ্থ প্ৰতীম বৰাই ৷ পাৰ্থ প্ৰতীম বৰাই কয় যে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মন্তব্য সম্পূৰ্ণ অ-মূলক । খোদ জেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়ে মোৰ পিতৃ আছুত থকাৰ কথা উল্লেখ কৰিছিল ।

তেওঁ কয় যে জেষ্ঠ অগপ নেতা বৃন্দাবন গোস্বামীৰ শাৰীৰিক অসুস্থতাৰ খবৰ লোৱাৰ পিচত তেখেতৰ আশু আৰোগ্য কামনা কৰি পাৰ্থ প্ৰতীম বৰাই ফেচবুকত দিছিল এটা আবেগিক পোষ্ট । ফেচবুকৰ পোষ্টত তেওঁৰ পিতৃ প্ৰসন্ন বৰা দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বুলি উল্লেখ কৰিছিল । কিন্তু পিচত তেওঁৰ পিতৃ উপ-সভাপতি আছিল বুলি গম পোৱাত সেই ভুলটো পিছত শুধৰণি কৰা হয় ।

কিন্তু তেওঁৰ পিতৃ আছুত থকা প্ৰসংগ নস্যাৎ কৰি জামুগুৰিহাটত এখন সংবাদমেল দি বিধায়ক পদ্ম হাজৰিকাই তেওঁৰ পিতৃৰ লগতে মাতৃক সাঙুৰি তুচ্ছ-তাচ্ছিল্য কৰে বুলি অভিযোগ উত্থাপন কৰে ৷ তেওঁ কয়, ‘‘মোৰ পিতৃ 1972 চনতে আছুত আছিল ।’’ বিধায়ক পদ্ম হাজৰিকাই কিমান দিন আছু কৰিছিল বুলিও প্ৰশ্ন কৰে পাৰ্থ প্ৰতীম বৰাই ৷ পাৰ্থ প্ৰতীম বৰাৰ পৰিয়ালৰ বহু ক’লা অধ্যায় আছে বুলি পদ্ম হাজৰিকাই কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ প্ৰশ্ন কৰি কয় যে এনে কথা ক’বলৈ লাজ নকৰা পদ্ম হাজৰিকাৰ পিতৃ-মাতৃ আছেনে ?

তেওঁ পুনৰ কয়, ‘‘মোৰ পৰিয়ালৰ যদি ক’লা ইতিহাস আছে, তেন্তে সেয়া ৰাইজৰ ভালৰ বাবেহে । কিন্তু পদ্ম হাজৰিকাৰটো আছে বগা ইতিহাস । বিধায়ক পদ্ম হাজৰিকালৈ প্ৰশ্ন; জামুগুৰিহাটৰ পৰা কিয় নাহে বাতৰি ? সৌ সিদিনা নিলোৎপল ভূঞাক জে’ললৈ প্ৰেৰণ কৰাৰ বাবে আৰক্ষীক জোৰ কৰিছিল কোনে ? এনেবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিবনে পদ্ম হাজৰিকাই ।’’

চতিয়াত ভয় ভাবুকিৰ ৰাজনীতি চলে বুলি অভিযোগ উত্থাপন কৰি শেহতীয়াকৈ চতিয়াত প্ৰাণৰ আশংকাত ভোগা বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে অগপ নেতা পাৰ্থ প্ৰতিম বৰাই । তেওঁ পুনৰ কয়, ‘‘জাতীয়তাবাদৰ কথা কোৱা পদ্ম হাজৰিকাৰ আজি জাতীয়তাবাদৰ কথা ক'বলৈ অধিকাৰ নাই । কিয়নো 2015 চনতে তেওঁ জাতীয়তাবাদৰ চোলা খুলি দি গেৰুৱা হৈছিল ।2016 চনত মাত্ৰ 1600 ভোটত জয়ী হৈছিল ।’’

লগতে পঢ়ক:Assam PDW: চাৰিশ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হ’ল ঠিকাদাৰৰ পঞ্জীয়ন মাচুল

Last Updated : Aug 10, 2023, 10:39 PM IST

ABOUT THE AUTHOR

...view details