গুৱাহাটী, 1 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ পক্ষত থিয় দি অসমীয়া ৰাইজৰ ৰোষত পৰা অসম গণ পৰিষদৰ নেতৃত্বই শুকুৰবাৰে দিল্লীত সাক্ষাৎ কৰে বিজেপিৰ নৱ নিযুক্ত সভাপতি জে পি নাড্ডাক । নতুন সভাপতি গৰাকীক গামোচা পিন্ধাই , ফুলৰ থোপাৰে অভিনন্দন জ্ঞাপন কৰে অগপৰ নেতাই । অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত নাড্ডাক সাক্ষাৎ কৰা এই দলটোত আছিল কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলা কলিতা আৰু ৰমেন্দ্ৰ নাৰায়ন কলিতা ।
বিজেপিৰ নৱ নিযুক্ত সভাপতি জে পি নাড্ডাক ফুলৰ থোপাৰে অভিনন্দন অগপৰ - জে পি নাড্ডা
শুকুৰবাৰে দিল্লীত বিজেপিৰ নৱ নিযুক্ত সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে অগপ নেতাই ৷
![বিজেপিৰ নৱ নিযুক্ত সভাপতি জে পি নাড্ডাক ফুলৰ থোপাৰে অভিনন্দন অগপৰ অগপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5917310-149-5917310-1580534919819.jpg)
দিল্লীত জে পি নাড্ডাক অগপই দিলে ফুলৰ টোৰা