গুৱাহাটী, ২৩ এপ্রিল: লোকসভাত অস্তিত্ব নথকা অগপই এইবাৰ নিজৰ প্ৰতিনিধি প্ৰেৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে (AGP aims for Lok Sabha) । ইয়াৰ বাবে ইতিমধ্যে অগপই পদক্ষেপ গ্ৰহণ কৰিছে । সমষ্টিয়ে সমষ্টিয়ে দলীয় ভেটি শক্তিশালী কৰাৰ বাবে দলটোৱে সভা-সমিতি অনুষ্ঠিত কৰি আহিছে । অৱশ্যে মিত্রদল তথা "বিগ ব্ৰাদাৰ" বিজেপিয়ে অগপক কেইটা সমষ্টি এৰি দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । কিন্তু নিশ্চিত নহ'লেও অগপ বহি থকা নাই ।
লোকসভাত আসন শূন্য হৈ থকা অগপই এইবাৰ নিজৰ স্থিতি প্ৰতিপন্ন কৰাৰ বাবে উঠি-পৰি লাগিছে (AGP discussion on Lok Sabha seat)। এইবাৰ জয়ী হোৱাৰ নিশ্চয়তা থকা এটা হ'লেও সমষ্টি মিত্রদল বিজেপিৰ পৰা বিচাৰিব অগপই । ইতিমধ্যে বিজেপিৰ ওচৰত এই দাবী উত্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আঞ্চলিক দলটোৱে । ইয়াৰ লগতে অগপই বিচাৰিব আন দুটা বা তিনিটা সমষ্টি ।
এইখিনিতে প্ৰশ্ন হয় যে, জয়ী হ'ব পৰা কোনটো সমষ্টি লাগে অগপক । এই সন্দৰ্ভত দলটোৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জনোৱা মতে, তেজপুৰ, মঙলদৈ, গুৱাহাটী আৰু নগাঁৱৰ ভিতৰত এটা সমষ্টিত অগপক প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাগে । দলটোৱে ইতিমধ্যে তেজপুৰ, মঙলদৈ, নগাঁও আৰু কলিয়াবৰত কৰ্মী সন্মিলন অনুষ্ঠিত কৰিছে আৰু গুৱাহাটীত কর্মী সন্মিলন অনুষ্ঠিত কৰাৰ পাচত সমষ্টি বিচাৰি বিজেপিৰ ওচৰত দাবী উত্থাপন কৰিব বুলি সাধাৰণ সম্পাদকগৰাকীয়ে সদৰী কৰে ।
উল্লেখ্য যে, লোকসভাৰ বিগত নিৰ্বাচনত বিজেপিয়ে মিত্ৰদল অগপক তিনিটা সমষ্টি ক্রমে কলিয়াবৰ, বৰপেটা আৰু ধুবুৰীত প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিছিল । কিন্তু অগপই এটা সমষ্টিটো জয়ী হ'ব নোৱাৰিলে । কলিয়াবৰত মণিমাধৱ মহন্ত, বৰপেটাত কুমাৰ দীপক দাস আৰু ধুবুৰীত জাভেদ ইছলামে প্রতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হৈছিল । যাৰ ফলত লোকসভাত অগপৰ নাই এজনো প্ৰতিনিধি । যাৰবাবে এইবাৰ দলটোৱে জয়ী হ'ব পৰা সমষ্টি বিচাৰি আগতীয়াকৈ তৎপৰতা আৰম্ভ কৰিছে । অগপৰ এই লক্ষ্যত বিজেপিয়ে যাতে সহমত পোষণ কৰি সহজতে জয়ী হ'ব পৰা এটা সমষ্টি এৰি দিয়ে তাৰ বাবে অগপই মঙলদৈ, তেজপুৰ, নগাঁও, গুৱাহাটীত দলীয় ভেটি শক্তিশালী কৰি তোলাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।
এই চাৰিটা সমষ্টিৰ যিকোনো এটা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব পাৰিলে বিজেপিৰ সমৰ্থনত জয়ী হ'ব পাৰিব বুলি আশা কৰিছে অগপই । কিন্তু অগপৰ এই আশা পূৰণৰ ক্ষেত্রত মিত্রদল বিজেপিয়ে কিমান দূৰ সমৰ্থন আগবঢ়ায় সেয়া লক্ষ্যনীয় হ'ব । ইফালে, জয়ৰ পথ প্রশস্ত হৈ থকা কোনো এটা সমষ্টিয়ে এৰি দিবলৈ বিচৰা নাই বিজেপিয়ে । নগাঁও আৰু কলিয়াবৰ বিজেপিৰ হাতত নাথাকিলেও এইবাৰ বিজেপিয়ে এই সমষ্টি দুটাৰ ওপৰত বিশেষ গুৰুত্ব দিছে । এই সমষ্টি দুটাৰ এটাও বিজেপিয়ে অগপক এৰি দিয়াৰ সম্ভাৱনা নাই ।
অৱশ্যে বৰপেটা নাইবা ধুবুৰী হয়তো বিজেপিয়ে অগপক এৰি দিব পাৰে । এই সমষ্টি দুটা বিজেপিৰ বাবে যেনেকৈ মসৃণ নহয় ঠিক সেইদৰে অগপৰ বাবেও মসৃণ নহয় । গতিকে অগপই দাবী কৰা নাইবা বিচৰা ধৰণে সমষ্টি বিজেপিয়ে এৰি দিব বুলি ক'ব নোৱাৰি । এটা কথা ঠিক যে বিজেপিয়ে লোৱা যিকোনো সিদ্ধান্তই বিৰোধ নকৰাকৈ মানি ল'বলৈ একপ্ৰকাৰ বাধ্য অগপ ।
লগতে পঢ়ক:Srinivas BV case: 2 মে’ত দিছপুৰ আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ শ্ৰীনিবাসক