গুৱাহাটী, 14 অক্টোবৰ : 36 বছৰীয়া হ'ল অসম গণ পৰিষদ । 1985 চনৰ 14 অক্টোবৰত গোলাঘাটত জন্ম লোৱা ৰাজ্যৰ এই বৃহৎ আঞ্চলিক ৰাজনৈতিক দলটোৱে 35 টা বছৰ গৰকিলে । 6 বছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত 855 জন শ্বহীদৰ কেঁচা তেজৰ মূল্যৰ বিনিময়ত 1985 চনত আন্দোলনকাৰী নেতৃত্ববৰ্গ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰ হৈছিল 'অসম চুক্তি' । সেই অসম চুক্তিকেই ভেঁটি হিচাপে লৈ 1985 চনৰ 14 অক্টোবৰত এক আবেগিক পৰিৱেশ পৰিস্থিতিৰ মাজত গঠন হৈছিল 'অসম গণ পৰিষদ' দল । এক কথাত অসম চুক্তিয়েই আছিল অসম গণ পৰিষদৰ আত্মা ।
ইফালে, দল গঠন হোৱাৰ পিচত অসম গণ পৰিষদ দুবাৰকৈ দিছপুৰৰ ৰাজপাটত বহিল । প্ৰায় দহ বছৰ অসমত চলিল অসম গণ পৰিষদৰ শাসন । কিন্তু দুবাৰকৈ চৰকাৰ গঠন কৰাৰ পিচতো অসম চুক্তিৰ সঠিক ৰূপায়ণ কৰিব নোৱাৰিলে এই দলটোৱে । ইয়াতকৈ ডাঙৰ ব্যৰ্থতা আৰু কি হ'ব পাৰে ।
লগতে পঢ়ক :মধ্য প্ৰদেশত বিবাদঃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৯ গৰাকীকৈ লোক
অসম চুক্তিত উল্লেখ থকা কেতবোৰ বিষয় কাৰ্যকৰী হ'ল ঠিকেই । কিন্তু চুক্তিৰ যি মূল বিষয়বস্তু বিদেশী বহিস্কাৰ সেয়া কাৰ্যকৰীকৰণত এই দল আৰু চৰকাৰ শোচনীয়ভাৱে ব্যৰ্থ হ'ল । চুক্তিৰ আধাৰত অসমত শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন কৰা হ'ল, নুমলীগড় শোধনাগাৰ স্থাপন হ'ল, কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন হ'ল, কিন্তু বিদেশী বহিস্কাৰ বা তাৰ সৈতে জড়িত বিষয় বিলাকৰ কোনো ধৰণৰ সমস্যা সমাধান নহ'ল ৷