গুৱাহাটী, 15 ডিচেম্বৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জ্বলিছে অসম তথা সমগ্ৰ দেশ ৷ অসমৰ আঞ্চলিক দল অসম গণ পৰিষদে অসমীয়া ৰাইজৰ লগত চৰম বিশ্বাসঘাটকতা কৰাৰ পিচত যেন হিংসাৰ জুইকুৰা আৰু অধিক জ্বলিছে ৷ কিন্তু অৱশেষত দলটোৰ কেইবাগৰাকীও জেষ্ঠ নেতাই ওলোটা খৰ মাৰি ৰাজপথলৈ ওলাই আহিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৷ অগপৰ মহানগৰ সমিতিৰ নেতা কৰ্মীয়ে এই জাতিধ্বংসী আইন প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
অগপই সুবিধাবাদৰ বাবে দুই নাওত ভৰি দিয়া বন্ধ কৰকঃ বৃন্দাবন গোস্বামী - বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ পদত্যাগ কৰিবলৈ দাবী
জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু পবীন্দ্ৰ ডেকাই সংশোধিত নাগৰিকত্ব আইন ২০১৯ ৰ তীব্ৰ বিৰোধিতা কৰা দেখা গ’ল ৷ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ পদত্যাগ কৰিবলৈ দাবী জনাই দলটোৰ তৃণমূল কৰ্মীয়ে ।
অগপই সুবিধাবাদৰ বাবে দুই নাওত ভৰি দিয়া বন্ধ কৰকঃ বৃন্দাবন গোস্বামী
জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু পবীন্দ্ৰ ডেকাই সংশোধিত নাগৰিকত্ব আইন ২০১৯ ৰ তীব্ৰ বিৰোধিতা কৰা দেখা গ’ল ৷ তৃণমূল কৰ্মীক অগপৰ নেতৃত্ব লোৱাৰ আহ্বান জনালে বৃন্দাবন গোস্বামীয়ে । অগপৰ নেতৃত্বক এখন নাওত ভৰি দিবলৈ অনুৰোধ কৰিলে গোস্বামীয়ে । সুবিধাবাদৰ বাবে দুখন নাওত ভৰি নিদিবলৈ ক'লে জ্যেষ্ঠ নেতাগৰাকীয়ে । উল্লেখ্য যে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ পদত্যাগ কৰিবলৈ দাবী জনাই দলটোৰ তৃণমূল কৰ্মীয়ে ।
আৰু পঢ়কঃডিব্ৰুগড় আৰু গুৱাহাটীত সাময়িকভাৱে শিথিল সান্ধ্য আইন