অসম

assam

ETV Bharat / state

অসমবাসীৰ ৰুদ্ৰমুৰ্তি দেখি সুৰ সলালে অগপই - আঞ্চলিক দল অসম গণ পৰিষদে সলনি কৰে নিজৰ স্থিতি

অসমৰ ৰাইজৰ লগত চৰম বিশ্বাসঘাটকতা কৰা আঞ্চলিক দল অসম গণ পৰিষদে সলনি কৰিছে নিজৰ স্থিতি ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অগপই উচ্চতম ন্যায়ালয়ত আইনী যুঁজত নামিব ।

AGP change their Mind about CA(A)
অসমবাসীৰ ৰুদ্ৰমুৰ্তি দেখি সুৰ সলালে অগপই

By

Published : Dec 15, 2019, 4:35 PM IST

Updated : Dec 15, 2019, 6:30 PM IST

গুৱাহাটী, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত থিয় দি ইয়াক আইনলৈ ৰূপান্তৰিত কৰাত পূৰ্ণ সহযোগ আগবঢ়োৱা অসম গণ পৰিষদে ৰাইজ আৰু দলীয় কৰ্মীৰ ৰুদ্ৰমুৰ্তি দেখি সুৰ সলাবলৈ বাধ্য হৈছে । শনিবাৰে নিশা অনুষ্ঠিত দলটোৰ এখন জৰুৰী অনানুষ্ঠানিক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অগপই উচ্চতম ন্যায়ালয়ত আইনী যুঁজত নামিব । দেওবাৰে ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফ’নিক বাৰ্তালাপত এই সিদ্ধান্তৰ কথা সদৰী কৰে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে ।

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অগপই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব আৰু ইয়াৰ বাবে দেওবাৰে সন্ধিয়া কুমাৰ দীপক দাস আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হ’ব । সোমবাৰে অগপই উচ্চতম ন্যায়ালয়ত এই গোচৰ তৰিব বুলিও দিল্লী যাত্ৰাৰ পূৰ্বে কুমাৰ দীপক দাসে মন্তব্য কৰে ।

অসমবাসীৰ ৰুদ্ৰমুৰ্তি দেখি সুৰ সলালে অগপই

আৰু পঢ়কঃগুৱহাটীত পুনৰ মৃত্যু এজন প্ৰতিবাদকাৰীৰ

Last Updated : Dec 15, 2019, 6:30 PM IST

ABOUT THE AUTHOR

...view details