অসম

assam

ETV Bharat / state

GMC election 2020: সাত বিহুৰ পিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন বিচাৰিলে অগপই - আঞ্চলিক দল অগপ

দুটাকৈ ৰাষ্ট্ৰীয় দলে বিহুক কেন্দ্ৰ কৰি নিৰ্বাচন পিছুৱাই দিয়াৰ দাবী জনোৱাৰ পাছত সাৰ পালে আঞ্চলিক দল অগপই । দলৰ সাধাৰণ সম্পাদকদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই আজি সাত বিহুৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনাই ৰাজ্যিক নিৰ্বাচনী আয়োগক দিলে পত্র (AGP appeals EC to postpone GMC election)।

GMC election 2020: সাত বিহুৰ পিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন বিচাৰিলে অগপই
GMC election 2020: সাত বিহুৰ পিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন বিচাৰিলে অগপই

By

Published : Mar 26, 2022, 9:43 PM IST

গুৱাহাটী, ২৬ মাৰ্চ : কংগ্ৰেছ আৰু বিজেপিৰ পাছত আজি অগপই বিহুৰ মাজত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ৰঙালী বিহুৰ পৰিপ্ৰেক্ষিতত সাত বিহুৰ পিছত অনুষ্ঠিত কৰিবলৈ আজি অগপ দলে ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনাইছে (AGP called for holding GMC elections)।

দলৰ সাধাৰণ সম্পাদকদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই আজি এই সম্পৰ্কত এখনি পত্ৰ ৰাজ্যিক নিৰ্বাচনী আয়োগক প্ৰদান কৰে। ৰাজ্যবাসীৰ লগতে গুৱাহাটী মহানগৰবাসীয়েও জাতীয় উৎসৱ ৰঙালী বিহু উদযাপন কৰা আৰু ৰঙালী বিহুৰ আনন্দৰ লগত জড়িত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ প্ৰথম সাতটা দিনত নিৰ্বাচন (GMC election in between Bihu) অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকি সাত বিহুৰ পিছত অনুষ্ঠিত কৰিবলৈ অগপই আহ্বান জনাইছে ।

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছে ব'হাগ বিহুৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাই দিয়াৰ দাবী জনাই ৰাজ্যিক নিৰ্বাচনী আয়োগক স্মাৰক পত্র দিয়াৰ উপৰি আজি গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ইফালে শাসকীয় দল বিজেপিৰ ৰাজ্যিক প্ৰতিনিধিৰ এটা দলে নিৰ্বাচন কিছু পিছুৱাই দিয়াৰ আহ্বান জনাই শুকুৰবাৰে ৰাজ্যিক নিৰ্বাচনী আয়োগত স্মাৰক পত্র প্ৰদান কৰিছিল। দুটাকৈ ৰাষ্ট্ৰীয় দলে বিহুক কেন্দ্ৰ কৰি নিৰ্বাচন পিছুৱাই দিয়াৰ দাবী জনোৱাৰ পাছত সাৰ পালে আঞ্চলিক দলটোৱে।

লগতে পঢ়ক:দিছপুৰে দিয়া নাই চাৰি কোটি: চৰম বিত্তীয় সংকটত আলফা

ABOUT THE AUTHOR

...view details