অসম

assam

ETV Bharat / state

অসম গণ পৰিষদ আৰু বিপিএফে দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰিছেঃ অখিল গগৈ - Akhil Gogoi Press Meet at Guwahati 2 dec on Cab

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ 5 ডিচেম্বৰত লাষ্টগে'টত ধৰ্ণাত বহিব সংগঠনটো ৷ সংবাদমেলত সাংবিধানিক সুৰক্ষা কৱচে অসমীয়া জাতিক বচাব নোৱাৰে বুলি মন্তব্য কৰিলে অখিল গগৈয়ে ৷

akhil gogoi press meet against cab
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অখিল গগৈৰ সংবাদমেল

By

Published : Dec 2, 2019, 10:10 PM IST

Updated : Dec 2, 2019, 10:28 PM IST

গুৱাহাটী , 2 ডিচেম্বৰঃ কেব সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে দল-সংগঠনৰ আলোচনা এক ভেকোঁভাওনা আছিল বুলি মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ ৷ সোমবাৰে সংগঠনটোৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি অখিল গগৈয়ে কয় যে, কেব সম্পর্কত এক ভ্ৰান্তি বিয়পাই দিয়া হৈছে । বিধেয়কখন গৃহীত হ'লে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যয়ো ৰেহাই নাপাব ৷ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু মণিপুৰৰ ইম্ফল ভেলী আদি ঠাইত বিশেষভাৱে প্ৰভাৱ পৰিব । অৰুণাচল প্ৰদেশক কেবৰ আওঁতাৰ পৰা বাহিৰত ৰখা হৈছে বুলি কোৱা হৈছে যদিও প্ৰকৃততে সেইয়া নহয় ৷ অৰুণাচল প্ৰদেশত প্ৰৱেশৰ বাবে যি ইনাৰ লাইন পাৰ্মিট লাগে সেইয়াহে বাহাল থাকিব ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অখিল গগৈৰ সংবাদমেল

অখিল গগৈয়ে কয় যে, "কেব আহিলে অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰিব । অসম গণ পৰিষদ আৰু বিপিএফে আত্মসমৰ্পণ কৰিছে দিল্লীৰ ওচৰত । অসম সাহিত্য সভায়ো "ভাষা- সংস্কৃতিক ৰক্ষা কৰিলেই হ'ব" আদি মন্তব্যৰে বিশ্বাসঘাটকতা কৰিলে । কেন্দ্ৰৰ বিৰুদ্ধে যাতে কোনেও সৱল স্থিতি গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবেই এই বিধেয়কখন অনা হৈছে । নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ পাছত সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ সন্দৰ্ভত নেতাজনে কয় যে , "সাংবিধানিক সুৰক্ষা কৱচে অসমীয়া জাতিক বচাব নোৱাৰে ৷"

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অখিল গগৈৰ সংবাদমেল

অসমীয়া জাতিয়ে আশংকাৰ মাজত দিন কটাইছে বুলি মন্তব্য কৰি অখিল গগৈয়ে বিধেয়কখনৰ বিৰুদ্ধে হ'ব লগা ধাৰাবাহিক আন্দোলনত অসমৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ উল্লেখযোগ্য যে, 5 ডিচেম্বৰত দিছপুৰ লাষ্টগেটত বিশাল গণ-ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে পঢ়কঃগুৱাহাটীত অনুষ্ঠিত হ’ব ‘টইছা’

Last Updated : Dec 2, 2019, 10:28 PM IST

ABOUT THE AUTHOR

...view details