গুৱাহাটী,3 ডিচেম্বৰঃ নতুন দিল্লীত এক বিশেষ আমন্ত্ৰণযোগে অসম গণ পৰিষদৰ সভাপতিসহ প্ৰতিনিধি দল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে৷ দলটোৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা সঁজাতি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ অন্তত মংগলবাৰে গুৱাহাটীত উপস্থিত হয়হি ৷ অসমত উপস্থিত হৈ সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই অগপৰ সভাপতি অতুল বৰাই ৷ অগপৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে প্ৰত্যাশিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অতি শীঘ্ৰেই সম্পন্ন কৰিবলৈ গৃহমন্ত্ৰী শ্বাহক আহ্বান জনোৱা বুলি উল্লেখ কৰে ৷ সভাপতিগৰাকীয়ে লগতে জনজাতিকৰণ সন্দৰ্ভত অগপৰ স্থিতি সদায়েই সপক্ষত বুলি মন্তব্য কৰে ৷
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো আমি বিচাৰোঃ অতুল বৰা - AGP stands on ST status to six ethnic community
দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত অগপৰ সভাপতি অতুল বৰা ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পক্ষত মন্তব্য প্ৰকাশ বৰাৰ ৷
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো আমি বিচাৰোঃ অতুল বৰা
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো আমি বিচাৰোঃ অতুল বৰা
ইফালে শেহতীয়াকৈ কেব সন্দৰ্ভত অগপৰ নৰম স্থিতিৰ বাবে দলটো সমালোচনাৰ সন্মুখীন হোৱাৰ প্ৰসংগত অতুল বৰাই এনেধৰণৰ অপবাদসমূহ ভিত্তিহীন বুলি মন্তব্য কৰে ৷
আৰু পঢ়ক হাতৰ তেজেৰে শ্ল'গান লিখি প্ৰতিবাদ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ