অসম

assam

By

Published : Jul 18, 2020, 4:54 PM IST

ETV Bharat / state

Covid 19: কিদৰে স্বাস্থ্যৰ যত্ন ল'ব

এই সময়ছোৱাত পাৰ্যমানে ভিটামিন A,D,C জাতীয় খাদ্যসমূহ খোৱাৰ লগতে কিছু সময় ৰ'দত বহি স্বাস্থ্যৰ যত্ন লোৱা আৰু আদা,নহৰু, হালধি,ডালচেনি জাতীয় সমগ্ৰী খাবলৈও উপদেশ দিয়ে চিকিৎসকগৰাকীয়ে ৷

Covid 19
Covid 19

গুৱাহাটী,18 জুলাইঃভয়াৱহ গণ সংক্ৰমণত ৰাজ্যবাসী ৷ প্ৰতিদিনেই শতাধিক লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ এই পৰিস্থিতিত কিদৰে নিজৰ তথা নিজৰ পৰিয়ালৰ সদস্যক মহামাৰীৰ পৰা বচাই ৰাখিব এই বিষয়ে অৱগত কৰিছে মহানগৰীৰ এগৰাকী আগশাৰীৰ চিকিৎসক ডা: কুকি বৰদলৈয়ে ৷ চিকিৎসকগৰাকীয়ে কয় যে,এই ৰোগবিধে প্ৰকৃততে মানুহৰ শৰীৰৰ হাঁওফাঁওত ক্ৰিয়া কৰে ৷ সেয়ে এই দিন কেইটাত হাঁওফাঁওটো শক্তিশালী কৰিবলৈ যিমান পাৰি ব্যায়াম কৰিব লাগে ৷ বিশেষকৈ হাঁওফাঁওৰ লগত জৰিত ব্যায়ামসমূহ কৰিব লাগে ৷ লগতে এই সময়ছোৱাত চাই-চিতি খোৱা-বোৱা কৰিব লাগে বুলিও অৱগত কৰে চিকিৎসকগৰাকীয়ে ৷

Covid 19: কিদৰে স্বাস্থ্যৰ যত্ন ল'ব

লগতে পঢ়কঃসময় উকলিল CAAৰ অধিনিয়ম চূড়ান্তকৰণৰ: কি ক'লে বিপ্লৱ কুমাৰ শৰ্মাই

এই সময়ছোৱাত পাৰ্যমানে ভিটামিন A,D,C জাতীয় খাদ্যসমূহ খোৱাৰ লগতে কিছু সময় ৰ'দত বহি স্বাস্থ্যৰ যত্ন লোৱা আৰু আদা,নহৰু,হালধি,ডালচেনি জাতীয় সমগ্ৰী খাবলৈও উপদেশ দিয়ে চিকিৎসকগৰাকীয়ে ৷ ইয়াৰ ফলত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা পূৰ্বতকৈ অধিক শক্তিশালী হয় ৷ লগতে ৰোগবিধৰ ক্ষেত্ৰত চিন্তিত হ'বলৈ মানা কৰে চিকিৎসকগৰাকীয়ে ৷

Covid 19: কিদৰে স্বাস্থ্যৰ যত্ন ল'ব

ABOUT THE AUTHOR

...view details