গুৱাহাটী,21 নৱেম্বৰঃআগাথা কে চাংমা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ অঘিতোষ চাংমাৰ কনিষ্ঠ কন্যা তথা বৰ্তমানৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা তথা গৃহমন্ত্ৰী জেমছ কে চাংমাৰ কনিষ্ঠ ভগ্নী ।উল্লেখ্য যে,অলপতে পূৱ গাৰো পাহাৰ জিলাৰ ৰাজছিমলা গাঁৱত এক অনুষ্টুপীয়া সমাৰোহত বাগদত্তা ডা.পেট্ৰিক ৰাংগমা মাৰাকৰ সৈতে তুৰাৰ ৩৯ বছৰ বয়সীয়া সাংসদ আগাথা চাংমাৰ জোৰোণ সম্পন্ন হোৱাৰ পিছত বৃহস্পতিবাৰে গাৰো পাহাৰ জিলাৰ সৰ্ববৃহৎ কেথলিক গীৰ্জা চেক্ৰেট হাৰ্ট শ্বাইনত আয়োজন কৰা হয় বিবাহ সমাৰোহৰ। বিবাহ উপলক্ষে মাতৃ সোৰাদিনী চাংমাই কন্যা আগাথাক লৈ গীৰ্জাত উপস্থিত হয়। ইফালে আগাথাৰ জ্যেষ্ঠ ভাতৃ জেমছ চাংমাই সদৰি কৰা মতে,বিবাহৰ অভ্যৰ্থনা আগাথাৰ ৱালবাকগ্ৰে বাসভৱনত আয়োজন কৰা হয় ।
বিবাহ পাশত আবদ্ধ হ'ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমা
মেঘালয়ৰ তুৰা সংসদীয় সমষ্টিৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা কে চাংমাই বৃহস্পতিবাৰে তেওঁৰ বাগদত্তা ডা.পেট্ৰিক ৰাংগমা মাৰাকৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয় ।
আগাথা কে চাংমাৰ বিবাহ