অসম

assam

ETV Bharat / state

আইন অমান্যকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান জালুকবাৰী আৰক্ষীৰ

কৰ'ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত পুনৰ বলবৎ কৰা হৈছে লক ডাউন ৷ মহানগৰীত কৰ'ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে ৷ কিন্তু প্ৰশাসনৰ নিয়মক একাংশ ব্যবসায়ীয়ে অংগুষ্ঠ কৰি উক্ত অঞ্চলত দোকান-পাহাৰ খুলি ৰখা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে এই অসাধু ব্যবসায়ীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে জালুকবাৰী আৰক্ষী ৷ আইন অমান্যকাৰীৰ বিৰুদ্ধে অভিযান চলাই 20 গৰাকী লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

Against Illigal shop in Guwahati, Jalukbari police operation, 20 people arrested
আইন অমান্যকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান জালুকবাৰী আৰক্ষীৰ

By

Published : Jul 31, 2020, 9:26 PM IST

গুৱাহাটী, 31 জুলাই : কৰ'ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত পুনৰ বলবৎ কৰা হৈছে লক ডাউন ৷ মহানগৰীত কৰ'ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে ৷ গুৱাহাটী মহানগৰীৰৰ মালিগাঁও,পাণ্ডু, আদাবাৰী,জালুকবাৰী, বৰবজাৰ আদি অঞ্চল কৰ'ণাৰ হটস্পটৰূপে চিহ্নিত হৈছে ৷ উক্ত অঞ্চলৰ সকলো ব্য়ৱসায় প্ৰতিষ্ঠান প্ৰশাসনে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

আইন অমান্যকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান জালুকবাৰী আৰক্ষীৰ

কিন্তু প্ৰশাসনৰ নিয়মক একাংশ ব্যৱসায়ীয়ে অংগুষ্ঠ কৰি উক্ত অঞ্চলত দোকান-পাহাৰ খুলি ৰখা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে এই অসাধু ব্যবসায়ীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে জালুকবাৰী আৰক্ষী ৷ আইন অমান্যকাৰীৰ বিৰুদ্ধে অভিযান চলাই 20 গৰাকী লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, 30 জুলাইৰ নিশা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি,অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্য়া 38407 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 29084 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা 9230 গৰাকী ৷ মৃত্যু হোৱা ৰোগীৰ সংখ্যা 94 গৰাকী ৷

লগতে পঢ়ক: সতীয়া পিতৃৰ নিৰ্যাতনৰ বলি কণমানি: আটক অভিযুক্ত

ABOUT THE AUTHOR

...view details