অসম

assam

ETV Bharat / state

APSC কেলেংকাৰীত অভিযুক্ত ৬৭ জনৰ বিৰুদ্ধে চাৰ্জ ফ্রেম - এপিএচদি কেলেংকাৰীত অভিযুক্তক চাৰ্জ ফ্ৰেম

ৰাজ্যত তীব্ৰ খলকনি তোলা ৰাকেশ পাল বাহিনীৰ বিয়াগোম APSC কেলেংকাৰী গোচৰৰ ‘চাৰ্জ ফ্ৰেম’ বিশেষ নায়াধীশ আদালতত মঙলবাৰে সম্পন্ন হয় । বিশেষ ন্যায়াধীশ আদালতে ৬৭ জনৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰাৰ বিপৰীতে দুজনক দোষমুক্ত কৰে (Charges framed against accused of APSC scam) । বিশেষ ন্যায়াধীশৰ আদালতে অধিবক্তা শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱা আৰু ব্যৱসায়ী সুৰজিৎ চৌধুৰীক দোষমুক্ত কৰে ৷

APSC Sacam
APSC কেলেংকাৰীত অভিযুক্ত ৬৭ জনৰ বিৰুদ্ধে চাৰ্জ ফ্রেম, দুজনক দোষমুক্ত

By

Published : Apr 19, 2022, 10:45 PM IST

গুৱাহাটী, 17 এপ্ৰিল:ৰাজ্যত তীব্ৰ খলকনি তোলা ৰাকেশ পাল বাহিনীৰ বিয়াগোম APSC কেলেংকাৰী(APSC Scam) গোচৰৰ ‘চাৰ্জ ফ্ৰেম’ বিশেষ ন্যায়াধীশ আদালতত মঙলবাৰে সম্পন্ন হয় । বিশেষ ন্যায়াধীশ আদালতে ৬৭ জনৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰাৰ বিপৰীতে দুজনক দোষমুক্ত কৰে (Charges framed against accused of APSC scam)। বিশেষ নায়াধীশ আদালতে অধিবক্তা শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱা আৰু ব্যৱসায়ী সুৰজিৎ চৌধুৰীক দোষমুক্ত কৰে ।

উল্লেখ্য যে, APSC কেলেংকাৰী গোচৰত অভিযুক্ত পল্লৱী চৌধুৰীৰ স্বামী সুৰজিৎ চৌধুৰী আৰু অধিবক্তা শৈলেন্দ্ৰ কুমাৰ শৰ্মাৰ বিৰুদ্ধে আদালতৰ ন্যায় ব্যৱস্থাক প্ৰভাৱান্বিত কৰাৰ বাবে ১ কোটি টকা ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপিত হৈছিল । কিন্তু আৰক্ষীয়ে এই সম্পৰ্কত আদালতত প্ৰয়োজনীয় প্ৰমাণ দিব নোৱাৰাৰ বাবে দুয়োজনক আদালতে দোষমুক্ত ঘোষণা কৰে ।

উল্লেখ্য যে, APSC কেলেংকাৰীত ৭৪ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । ইয়াৰে দুজনক আদালতে দোষমুক্ত কৰাৰ বিপৰীতে তিনিগৰাকী ক্ৰমে অবিশিখা বৰুৱা, সঞ্জন ফুকন আৰু দেৱব্ৰত দে’ ৰাজসাক্ষী হ’বলৈ সন্মত হোৱাত আদালতে এই তিনিগৰাকীৰ বিৰুদ্ধে কোনো চাৰ্জ ফ্ৰেম কৰা নাই । ইপিনে APSC কেলেংকাৰীৰ গোচৰত অভিযুক্ত ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল আৰু ৰাকেশ পালৰ ব্যক্তিগত সহায়ক সুদীপ দাসক আদালতে পলাতক ঘোষণা কৰিছে ।

বিশেষ নায়াধীশ আদালতে চাৰ্জ ফ্ৰেম কৰা ৬৭ জনৰ ভিতৰত ৮ জন APSC ৰ সদস্য-কমচাৰী আৰু বাকী ৫৯ গৰাকী প্ৰাৰ্থী । ইয়াৰে ৰাকেশ পাল, চামেদুৰ ৰহমান, বসন্ত কুমাৰ দলৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি 120(বি)/420/468/471/201, আৰ/ডব্লিউ ধাৰা 7/ 13(2) পিচি আইন, 1988-ৰ অধীনত গোচৰ ৰুজু হৈ আছে । আকৌ নৱকান্ত পাটিৰ, মাহমুদ আলী চৌধুৰী, পবিত্ৰ কৈৱৰ্ত, আব্বাছ আলী আহমেদ, চৈয়দ মোছাৰাফ হুছেইনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি 120(বি)/420/468/471/201, আৰ/ডব্লিউ ধাৰা 7/12/8/13(2) পিচি আইন, 1988 অধীনত গোচৰ ৰুজু হৈ আছে ।

আনহাতে, প্ৰাৰ্থীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি 120(বি)/468/471/201, আৰ/ডব্লিউ 12/8 পিচি আইন, 1988 ৰ অধীনত গোচৰ ৰুজু হৈ আছে । এতিয়া পৰৱৰ্তী সময়ত আদালতে চাৰ্জ ফ্ৰেম কৰা এই ৬৭ গৰাকীৰ বিৰুদ্ধে আদালতত বিচাৰ চলিব । উল্লেখ্য আদালতে চাৰ্জ ফ্ৰেম কৰা এই ৬৭ গৰাকীৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰত অভিযুক্ত হ'লে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে ।

লগতে পঢ়ক:কোকৰাঝাৰত আৰক্ষী-উগ্ৰপন্থীৰ গুলীয়াগুলীত নিহত গো-মাফিয়া

ABOUT THE AUTHOR

...view details