অসম

assam

By

Published : Oct 20, 2019, 6:21 AM IST

ETV Bharat / state

মহানগৰীত পুনৰ ধন লুটৰ ঘটনা

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো । এ.এচ.01এ.জেড5311 নম্বৰৰ অল্ট' গাড়ী এখনৰ দৰ্জা খুলি দুৰ্বৃত্তই লুটি নিয়ে ৭ লাখ টকা ।

মহানগৰীত পুনৰ ধন লুটৰ ঘটনা

গুৱাহাটী, 19 অক্টোবৰঃ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । পুনৰ গুৱাহাটীত সংঘটিত হ'ল ধন লুটৰ ঘটনা । ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো । এ.এচ.01এ.জেড5311 নম্বৰৰ অল্ট' গাড়ী এখনৰ দৰ্জা খুলি দুৰ্বৃত্তই লুটি নিয়ে ৭ লাখ টকা । ৰিতু বাগৰীয়া আৰু অমিত আগৰৱালা নামৰ এগৰাকী মহিলা আৰু লোক এগৰাকীয়ে গড়চুকৰ SBI বেংকৰ পৰা উক্ত ধনখিনি উলিয়াই জু-ৰোড অভিমূখে গৈ থাকোতে আদবাততে পাংচাৰ হৈছিল গাড়ীখনৰ চকা । গাড়ীখন ঠিক কৰি থকা সময়ছোৱাতে অতি কৌশলৰে দুৰ্বৃত্তই লুটি নিয়ে ধনখিনি । ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ দুয়োগৰাকীৰ ভাষ্যৰ ভিত্তিত দুৰ্বৃত্তৰ সন্ধান আৰম্ভ কৰে ৷

মহানগৰীত পুনৰ ধন লুটৰ ঘটনা

ABOUT THE AUTHOR

...view details