অসম

assam

ETV Bharat / state

পুনৰ আছুৰ মুখ্য উপদেষ্টা পদত ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

যোৱা কিছুদিনৰ পৰা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক লৈ আছুৰ ভিতৰ চ’ৰাত বিতৰ্কৰ সূত্ৰপাত হৈ আছিল ৷ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য নিৰ্বাহকত পুনৰ আছুৰ মুখ্য উপদেষ্টা পদৰ দায়িত্বভাৰ অৰ্পণ ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক ৷

পুনৰ আছুৰ মুখ্য উপদেষ্টা পদত ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
পুনৰ আছুৰ মুখ্য উপদেষ্টা পদত ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

By

Published : Mar 21, 2021, 7:54 PM IST

গুৱাহাটী,21 মাৰ্চ: পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ এক দীঘলীয়া পৰিক্ৰমাৰে কেইবা দশক ধৰি সদৌ অসম ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছে ভট্টাচাৰ্যই ৷ জাতীয় সত্বাক এক সু-পৰিকল্পিত দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ডঃ ভট্টাচাৰ্যৰ ভূমিকা অতুলনীয় ।

যোৱা কিছুদিনৰ পৰা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক লৈ আছুৰ ভিতৰ চ’ৰাত বিতৰ্কৰ সূত্ৰপাত ঘটা সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হৈছিল ৷ এই সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য নিৰ্বাহকত পুনৰ আছুৰ মুখ্য উপদেষ্টা পদত ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক দায়িত্ব অৰ্পণ কৰা হয় ৷ লগতে সৰ্বসন্মতিক্ৰমে প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপজ্যোতি গগৈক আছুৰ উপদেষ্টাৰ দায়িত্ব অৰ্পণ কৰা হয় ৷

লগতে পঢ়ক:সোমবাৰে পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ABOUT THE AUTHOR

...view details