গুৱাহাটী, 17 জানুৱাৰীঃ খেল’ ইণ্ডিয়াত পুনৰ উজলিল অসম ৷ সাঁতোৰৰ পিচত এইবাৰ ভাৰোত্তোলনত স্বৰ্ণজয় কৰিলে অসমে ৷ লৰাৰ ৬১ কেজি ২১ অনুৰ্ধৰ শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় সিদ্ধান্ত গগৈয়ে। স্বৰ্ণজয় কৰি প্ৰফুল্লিত অসমৰ সিদ্ধান্ত ৷ এই সাফল্যৰ আঁৰত প্ৰশিক্ষকৰ বিশ্বাস সহায় তথা আশীৰ্বাদ বুলি উল্লেখ কৰে স্বৰ্ণ জয়ী সিদ্ধান্ত গগৈয়ে।
পুনৰ স্বৰ্ণজয়েৰে খেল’ ইণ্ডিয়াৰ দশম স্থানলৈ উন্নত অসম - অৰুণাচল প্ৰদেশৰ চাৰু পেছি
পুনৰ স্বৰ্ণজয় অসমৰ ৷ এইবাৰ ভাৰোত্তোলনত স্বৰ্ণজয় অসম সন্তান সিদ্ধান্ত গগৈৰ ৷

ইফালে এই শাখাত অৰুণাচল প্ৰদেশৰ চাৰু পেছিয়ে ৰূপ আৰু মিজোৰামৰ জাকোব ভানলাল টলুংগাই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয় । ইপিনে ভাৰোত্তোলন ৬১ কেজি ১৭ অনুৰ্ধৰ শাখাত মহাৰাষ্ট্ৰৰ অনিৰুদ্ধ সুৰেশ নৃপানে সোণৰ পদক, অৰুণাচল প্ৰদেশৰ বেংগিয়া টানিয়ে ৰূপৰ পদক আৰু পঞ্জাৱৰ লাভদ্বীপ সিঙে লাভ কৰে ব্ৰঞ্জৰ পদক। উল্লেখ্য যে অষ্টমটো দিনৰ অন্তত ১৫০ টা পদক লাভৰে তালিকাৰ শীৰ্ষ মহাৰাষ্ট্ৰ, ১১১ টা পদকৰে দ্বিতীয় হাৰিয়ানা, ৭২ টা পদক লাভ কৰি তালিকাৰ তৃতীয় স্থানত আছে দিল্লী । ইয়াৰ বিপৰীতে ৩২টা পদক অৰ্জন কৰি তালিকাৰ ত্ৰয়োদশ স্থানৰ পৰা দশম স্থানলৈ উন্নত হ'বলৈ সক্ষম হৈছে অসম।
আৰু পঢ়কঃখেল' ইণ্ডিয়াৰ এখন মেচে ফুটবল প্ৰেমীৰ মাজত সৃষ্টি কৰিছে বিৰ্তকৰ