গুৱাহাটী, ১১ ডিচেম্বৰ :দুটা বছৰৰ বিৰতিৰ পিছত আকৌ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ দাবী কেন্দ্ৰীক আন্দোলন । ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনা দেশৰ সংসদত এই বহু বিতৰ্কিত আইনখন গৃহীত হৈছিল আৰু তাৰ পাছত 'কা' বিৰোধী প্ৰতিবাদীয়ে ব্যাপক প্ৰতিবাদেৰে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰিছিল ।
ৰাজ্যৰ ৰাজধানী মহানগৰী গুৱাহাটীৰ পৰিস্থিতি গৈছিল নিয়ন্ত্ৰণৰ বাহিৰলৈ । একেদৰে ১২ ডিচেম্বৰৰ দিনাও ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্তৰতে প্ৰতিবাদ অব্যাহত থাকে। সিদিনা সন্ধিয়া মহানগৰীৰ হাতীগাৱত ষ্টেম ষ্টেফৰ্ড নামৰ এটি কিশোৰে অতি দুৰ্ভাগ্যজনক ভাবে আৰক্ষীৰ মৃত্যুক সাৱটি লৈছিল ।
উল্লেখ্য যে, কা' বিৰোধী আন্দোলনত ৰাজ্যত ছয় জনকৈ নিৰীহ লোকে প্ৰাণ দি'বলগীয়া হৈছিল । যোৱা দুটা বছৰ ধৰি ক'ভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে কা' বিৰোধী আন্দোলন স্তিমিত হৈ থকাৰ পিছত আজি উত্তৰ-ছাত্ৰ সংগঠন চমুকৈ নেছ', সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয় পৰিষদৰ উদ্দোগত গুৱাহাটীকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত হয়(anti-CAA protests return in Northeast) ।
অতি লক্ষ্য়নীয়ভাৱে এই আইনৰ আওতাৰ পৰা মিজোৰাম, অৰুণাচল-প্ৰদেশ, মনিপুৰ আৰু ত্ৰিপুৰা দৰে ৰাজ্যক ইতিমধ্যে ৰেহাই দিছে । তাৰ উপৰিও ষষ্ঠ অনসূচীৰ অধীনস্থ অঞ্চল সমুহকো এই আইনৰ নতুন সংশোধনীৰ পৰা ৰেহাই দিয়া হৈছিল । কিন্তু তাৰ পিছতো অঞ্চলটোৰ প্ৰতিখন ৰাজ্যতে আজি নেছ'ৰ উদ্যোগত দিনযোৰাভাৱে কৰা দিৱস পালন কৰা হয় ।