গুৱাহাটী, 21 ছেপ্টেম্বৰঃ ঈশ্বৰৰ বিলৈ ! ঈশ্বৰ ভক্তিৰ ওপৰত কোনো সন্দেহ নাই ৷ ঈশ্বৰৰ আশীৰ্বাদ পাবলৈ মানৱ জাতিৰ সৰ্বত্ৰ কল্যাণ কামনা কৰি আৰাধানা কৰে ভক্তগণে ৷ জীৱশ্ৰেষ্ঠ মানুহৰ কল্যাণ কামী মনোভাৱ ইমানলৈ ঠিকে আছে ৷ পিচে যান্ত্ৰিক যুগত যেন মানুহে পাহৰি গৈছে নিজৰ কৰণীয় ৷ প্ৰকৃতিৰ বিৰুদ্ধাচৰণ কৰি ঈশ্বৰক উপলুঙা কৰাৰ এনে নিদৰ্শন কিমান গ্ৰহণ যোগ্য সেয়া আজিৰ সময়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷
পূজা বুলি ক'লেই সৰ্বত্ৰে উখল মাখল পৰিৱেশ বিৰাজ কৰে, চাৰিওফালে মন্ত্ৰোচ্চাৰণ,ঢাক ঢোলৰ মাতে ৰজনজনাই চৌদিশে অপেক্ষাৰ অন্ত নাই আৰাধ্যজনক সেই নিৰ্দিষ্ট দিনটোত আৰাধনা কৰিবলৈ সকলোৰে ৷ সকলো ঠিকে ঠাকেই চলি যায় ৷ কিন্তু পূজাৰ পিচত কি পৰিৱেশ বিৰাজ কৰে সেয়া আমি নক'লেও হ'ব ৷ এদিন বা দুদিনৰ বাবে পূজা অৰ্চনা কৰা ভক্তই ভগৱানৰ কি বিলৈ কৰে পূজাৰ পিচত সেয়া স্পষ্ট হৈ পৰে ৷ নাইকিয়া হয় ভগৱানৰ আদৰ ৷ হয়তো পাহৰি যায় পূজাৰ দিনটোৰ কথা ৷ কথাবোৰ কিমান সঁচা ? বিসৰ্জনৰ পিচত ভগৱানৰ মূৰ্তি সমূহ হৈ পৰে আৱৰ্জনা ৷ ভক্তৰ মনোকামনা পূৰণ কৰিবলৈ ধৰালৈ আহে গণেশ,বিশ্বকৰ্মা ৷ পিচে পূজাৰ পিচতে ভগৱানক নিক্ষেপ কৰা হয় ডাষ্টবিন অথবা পথৰ কাষৰ জাবৰৰ দমলৈ ৷ বহু সময়ত পৰিত্যক্ত হৈ পৰা এই মূৰ্তি সমূহ দৃষ্টিকটূভাৱে পৰি ৰয় পথৰ দাতিত ৷ এদিনৰ বাবে মনপ্ৰাণ উজাৰি নিজৰ অভীষ্ট সিদ্ধি কৰিবলৈ পূজা অৰ্চনা কৰা ভগৱানৰ অন্তিম স্থান হয়গৈ ৰাজপথৰ আওহতীয়া ঠাই ৷
আধ্যাত্মিকতা হেৰাই গৈছে নেকি সমাজৰ পৰা ? কেৱল মাত্ৰ এদিনৰ বাবেহে প্ৰয়োজন হোৱা বিশ্বকৰ্মা,গণেশ আদিৰ মৃন্ময় মূৰ্তি সমূহ বিসৰ্জনৰ নামত আৱৰ্জনাৰ দমলৈ নিক্ষেপ কৰাটো কিমান যুক্তি সংগত ? মানৱ সমাজৰ ধৰ্মৰ জ্ঞানৰ অভাৱ ঘটিছে নেকি ? এইদৰে য'তে ততে মূৰ্তিসমূহ পেলাই দিয়াটো উচিত নে ?