গুৱাহাটী, ১৪ আগষ্ট: ৰাজ্যত বৰ্তমান বান আৰু জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে । বানত সোমবাৰৰ দিনটোত পুনৰ দুজন লোকে প্রাণ হেৰুৱাইছে । ইয়াৰ লগতে চলিত বছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে । দেওবাৰে শিৱসাগৰত বানত এজন লোক মৃত্যু হোৱাৰ পিছত সোমবাৰে শোণিতপুৰ জিলাত দুজন লোকৰ মৃত্যু হয় । সম্প্রতি বানৰ কৱলত আছে ৰাজ্যৰ আঠখন জিলা । আনহাতে, নামনি অসমত বেকী নদী আৰু উজনি অসমত ব্রহ্মপুত্র, দিচাং আৰু দিখৌ নৈ আজিও বিপদসীমাৰ ওপৰেদি বৈছে ।
অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, কোকৰাঝাৰ, শিৱসাগৰ জিলাৰ ২২টা ৰাজহ চক্ৰৰ ৩৫৭খন গাঁও এতিয়া বানৰ কৱলত আছে । বানৰ ফলত প্ৰভাৱিত হৈছে ৭৫ হাজাৰ ২০৯জন লোক । ধেমাজি আৰু শিৱসাগৰ জিলা বানৰ ফলত সর্বাধিক প্ৰভাৱিত হৈছে । ধেমাজিৰ ৪৬,৭৫৪ জন আৰু শিৱসাগৰৰ ২২,৬৫০ জন সম্প্রতি জলবন্দী হৈ আছে । আনহাতে, ৬,১৩৬ হেক্টৰ কৃষিভূমি বানত বুৰ গৈ আছে । শিৱসাগৰৰ আঠটা বান আশ্রয় শিবিৰত সম্প্ৰতি ১,২৮৪জন বন্যার্তই আশ্ৰয় লৈ আছে ।
ৰাজ্যত জাপানী এনকেফেলাইটিছৰ আতংক