অসম

assam

ETV Bharat / state

Constituency Delimitation Assam: সমষ্টি পুনৰ নিৰ্ধাৰণে বিপদ মাতিছে বিজেপি সাংসদলৈ

সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ভীষণ চিন্তাত পৰিছে অসমৰ বহু ৰাজনীতিক (Constituency delimitation Assam)৷ শাসক-বিৰোধী উভয়ৰে বহু সাংসদ-বিধায়কৰ ৰাজনৈতিক জীৱনৰ প্ৰতি নামি আহিছে শংকা ৷ ৰাজ্যৰ ৰাজনীতিলৈ হয়তো ঘূৰি আহিবলগীয়া হ’ব সাংসদ দিলীপ শইকীয়া ৷ বিপদত পৰিব আব্দুল খালেকো ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ
Constituency Delimitation Assam

By

Published : Jan 3, 2023, 9:45 PM IST

গুৱাহাটী, ৩ জানুৱাৰী : যোৱা ২৭ ডিচেম্বৰত অসমত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ ঘোষণা কৰাৰ লগে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ(Constituency delimitation Assam) সমান্তৰালভাৱে ৪ খন জিলা বিলুপ্ত(District abolition Assam) কৰাৰ লগতে ১৪ খন জিলাত গাঁও হস্তান্তৰ ঘটোৱাৰ বিৰুদ্ধেও ৰাজ্যত প্ৰতিবাদৰ জুই জ্বলি আছে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ ফলত যে লোকসভা আৰু বিধানসভা দুয়োটাতে সমষ্টিৰ ব্যাপক সালসলনি আৰু বিলুপ্তি তথা নতুন সমষ্টিৰ সৃষ্টি হ’ব সেয়া প্ৰায় নিশ্চিত ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) শেহতীয়াকৈ মন্তব্য কৰিছিল যে ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেই শেষ হ’ব পুনৰ নিৰ্ধাৰণ ৷ অৰ্থাৎ ২০২৪ৰ লোকসভা নিৰ্বাচন নতুন সমষ্টি পৰিসীমাৰে অনুষ্ঠিত হ’ব (Lok Sabha Election 2024) ৷ সেয়ে এতিয়া ৰাজনীতিক, মন্ত্ৰী বিধায়কে ৰাজনৈতিক সমীকৰণত নামি পৰিছে ৷

নিজৰ ৰাজনৈতিক কেৰিয়াৰক লৈ শংকিত হৈ পৰিছে অসমৰ বহুজন ৰাজনীতিক ৷ শাসক-বিৰোধী উভয় দলৰে বহু সংখ্যক সাংসদ-বিধায়কৰো ৰাজনৈতিক জীৱন বিপন্ন হোৱাৰ উপক্ৰম হৈছে ৷ প্ৰতিটো লোকসভা সমষ্টিতে নতুন নতুন সমষ্টি সৃষ্টি হ’ব ৷ লগতে নোহোৱা হ’ব বহু সমষ্টি ৷ আনকি অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা সমষ্টি বিলুপ্তি হৈ নতুন সমষ্টিৰ পৰিসীমাৰে গঠন হ’ব এটা নতুন লোকসভা সমষ্টি(New Lok Sabha Constituency Assam)৷

নতুন ৰাজনীতিকৰ উত্থানৰ লগতে পুৰণি ৰাজনীতিকে হেৰুৱাব পাৰে ৰাজনৈতিক জীৱন । এনে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ ফলতেই এতিয়া অসমত সমষ্টিহীন হোৱাৰ পথত বিজেপিৰ এজন সাংসদ ৷ সাংসদজন হ’ল মঙলদৈ সমষ্টিৰ দিলীপ শইকীয়া (MP Dilip Saikia)৷ শইকীয়া বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকো ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই দিলীপ শইকীয়াৰ ৰাজনৈতিক কেৰিয়াৰলৈকে সংকট নমাই আনিব বুলি চৰ্চা হৈছে৷

ইতিপূৰ্বে প্ৰস্তুত হোৱা খচৰাত মঙলদৈ সমষ্টি বিলুপ্তি ঘটোৱাৰ কথা কোৱা হৈছে ৷ তাৰ ঠাইত ওদালগুৰি নামেৰে নতুন সমষ্টি গঠন কৰা হ’ব ৷ নতুন ওদালগুৰি সমষ্টিত বাক্সা, তামুলপুৰ, গোৰেশ্বৰ, ভেৰগাঁও, টংলা, ওদালগুৰি আৰু মাজবাট সমষ্টি অন্তৰ্ভুক্ত কৰা হ’ব ৷ এই নতুন সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰাটো দিলীপ শইকীয়াৰ বাবে একেবাৰে সুচল নহ’ব ৷ কিয়নো স্বাভাৱিকতেই বিলুপ্ত হ’ব মঙলদৈ লোকসভা সমষ্টি ৷ দিলীপ শইকীয়াৰ বাবে নতুন পৰিসীমাৰে গঠিত হ’বলগীয়া তেজপুৰ, বৰপেটা বা ওদালগুৰি লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ খোপনি পোতাটো ইমান সহজ নহ’ব ৷

দিলীপ শইকীয়াৰ বাবে লোকসভা নিৰ্বাচন তেজপুৰ, বৰপেটা বা ওদালগুৰি লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ খোপনি পোতাটো ইমান সহজ নহ’ব ৷ তেতিয়া ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি অহাৰ বিকল্প নাথাকিব দিলীপ শইকীয়াৰ হাতত ৷ ইফালে কোকৰাঝাৰক দুভাগ কৰি সৃষ্টি হ’ব ওদালগুৰি লোকসভা সমষ্টি ৷ কোকৰাঝাৰৰ পৰা উঠাই দিয়া হ’ব অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ ৷ বিপৰীতে ওদালগুৰি সমষ্টি অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ সম্ভাৱনা (Constituency reservation for ST)৷

ইতিমধ্যেই লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টি ইউ পি পি এলক দি নিজে কোকৰাঝাৰত প্ৰাৰ্থী দিয়াৰ সমীকৰণ কৰিছে বুলি বিজেপিৰ ভিতৰুৱা সূত্ৰই সদৰী কৰিছে ৷ আনহাতে কোকৰাঝাৰ সমষ্টি সংৰক্ষণমুক্ত হোৱাৰ সম্ভাৱনা ৷ এক কথাত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বলি হ’ব বিজেপি সাংসদৰ ৷ লগতে মনকৰিবলগীয়া যে, নিজৰ সমষ্টি নোহোৱা নহ’লেও সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বাৰুকৈয়ে আহুকালত পৰিব কেইবাজনো আন সাংসদ ৷

বৰ্তমান কংগ্ৰেছৰ গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা কলিয়াবৰৰ সৈতে সংযুক্ত কৰা হ’ব চতিয়াৰ দৰে বৰ্তমান বিজেপিৰ দুৰ্গস্বৰূপ সমষ্টি ৷ বাদ পৰিব একাধিক সংখ্যালঘু সমষ্টি ৷ নোহোৱা হ’ব কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত ধিঙৰ লগতে কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ চামগুৰি বিধান সভা সমষ্টি ৷ বিপদত পৰিব পাৰে কংগ্ৰেছৰ বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ কিয়নো নলবাৰীৰ দৰে সমষ্টি সংযুক্ত হ’ব বৰপেটা লোকসভা সমষ্টিৰ সৈতে ৷

বৰপেটাত সংযুক্ত হ’ব নতুনকৈ সৃষ্টি হ’বলগীয়া আন এটা বিধানসভা সমষ্টি ৷ সংৰক্ষিত হ’ব পাৰে বৰপেটা বিধান সভা সমষ্টি ৷ নোহোৱা হ’ব ধৰ্মপুৰ বিধানসভা সমষ্টি ৷ অৰ্থাৎ সমষ্টিহীন হ’ব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

লগতে পঢ়ক:Zero rhino poaching in 2022 : 2022ত নহ’ল এটাও গঁড়হত্যা, ৰাজ্যবাসীক অভিনন্দন প্ৰধানমন্ত্রীৰ

ABOUT THE AUTHOR

...view details