নিউজ ডেস্ক,9ফেব্ৰুৱাৰী:অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হৈছিল অসম চুক্তি ৷ সেই সময়ৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ উপস্থিতিত আছুৰ নেতৃত্বই ভাৰত চৰকাৰৰ ওচৰত এই চুক্তিত স্বাক্ষৰ কৰিছিল ৷ সেই চুক্তিৰ 6নং দফাত সাংবিধানিক,আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কথা উল্লেখ আছিল ৷ যাৰ বাবে এই দফাক কোৱা হয় অসম চুক্তিৰ আত্মা ৷
কিন্তু দুখৰ বিষয়, সুদীৰ্ঘ 35বছৰ উকলি যোৱাৰ পিছতো আজিপৰ্যন্ত অসম চুক্তিৰ ৬ নং দফা সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণ কৰা নহ'ল ৷ ঐতিহাসিক অসম চুক্তিৰ এই গুৰুত্বপূৰ্ণ দফাটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সংশোধনক লৈও বিভিন্ন সময়ত আলোচনা হ'ল, কিন্তু ৰাজনৈতিক মেৰপাকত পুনৰ এলাগি হৈ ৰয় এই দফা ৷ নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰধান বিষয় হৈ পৰে অসম চুক্তিৰ 6নং দফা ৷ ৰাইজক 6নং দফাৰ কাৰ্যকৰীকৰণ কৰাৰ টোপ দি ভোটৰ অংকত ব্যস্ত হৈ পৰে ৰাজনৈতিক দলসমূহ ৷
তিনিটা দশকৰ পিছতো ৰূপায়িত নহ'ল অসম চুক্তিৰ 6 নং দফা যিসময়ত সমগ্ৰ অসমতে কা বিৰোধী আন্দোলনে পৰিৱেশ উত্তাল কৰি ৰাখিছিল সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হৈছিল ৷ 2019ৰ লোকসভা নিৰ্বাচন প্ৰাকমূৰ্হুতত কা বিৰোধী আন্দোলনৰ ঢৌৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়াৰ আৱেগক ঢাল হিচাপে ব্যৱহাৰ কৰি 6নং দফা কাৰ্যকৰীকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল ৷নিৰ্বাচন গ'ল,নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ল কিন্তু সেই প্ৰতিশ্ৰুতি অসাৰ হৈয়ে ৰ'ল ৷
ইপিনে,প্ৰতিটো ভাষণতে অসমৰ অস্তিত্ব ৰক্ষাৰ কথা কৈ অহা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো কেন্দ্ৰত নিজ দলৰ শাসন থকা স্বত্তেও 6নং দফা কাৰ্যকৰীকৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷ লক্ষণীয় কথা এইয়ে যে,ৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত উপস্থিত হৈ ইখনৰ পিছত আনখন জনসভাত অংশগ্ৰহণ কৰিছেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি শাসনাধীন চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰীয়ে ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমান সময়লৈকে কোনো এগৰাকী মন্ত্ৰীৰ মুখত উচ্চাৰণ হোৱা নাই অসম চুক্তিৰ গুৰুত্বপূৰ্ণ 6নং দফা ৷
উল্লেখযোগ্য যে,2019 চনৰ জুলাই মাহত অসম চুক্তিৰ 6নং দফা ৰূপায়নৰ ক্ষেত্ৰত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত কেন্দ্ৰৰ গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এখন 14জনীয়া কমিটি গঠন কৰি দিয়া হৈছিল ৷ এই কমিটি খনে 6নং দফাক কেন্দ্ৰ কৰি বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰি 2020চনৰ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৰ্পণো কৰিছিল ৷ কিন্তু সেই প্ৰতিবেদন চৰকাৰে ৰাজহুৱা কৰা নাছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত বিগত বছৰৰ ফেব্ৰুৱাৰী মাহত সদৌ অসম ছাত্ৰ সন্থাই সংবাদমেল অনুষ্ঠিত কৰি 6নং দফা সন্দৰ্ভত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন ৰাজহুৱা কৰিছিল ৷
প্ৰশ্ন হয়,অসম চুক্তিৰ 6নং দফা কেৱল নিৰ্বাচনকেন্দ্ৰিক ইচ্ছ্যু তথা প্ৰতিবাদৰ কাৰণ হৈয়ে থাকিব নেকি ?6নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কিয় বাৰে বাৰে পিছ হুহুকি আহে কেন্দ্ৰীয় চৰকাৰ ? আগন্তুক 2021ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ আকৌ ভাষণৰ কেন্দ্ৰবিন্দু হৈয়ে ৰ'ব নেকি 6নং দফা ৷ মন কৰিবলগীয়া যে,এই দফা বাস্তৱত কাৰ্যকৰী কেতিয়া হ'ব তাকে লৈ বৰ্তমানেও কোনো নিশ্চয়তা নাই ৷
লগতে পঢ়কঃকিমিনৰ ঘটনাৰ প্ৰতিবাদত পহুমৰা-কিমিন সংযোগী পথ অৱৰোধ