অসম

assam

AFSPA extended in Assam: অসমৰ ৪ খন জিলাত AFSPA সম্প্ৰসাৰণ; ৪ খন জিলাৰ পৰা প্ৰত্যাহাৰ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 5:00 PM IST

Updated : Oct 1, 2023, 10:23 PM IST

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ মতে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউত AFSPA সম্প্ৰসাৰণ কৰা হৈছে । যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা হৈছে ।

AFSPA extended in Assam
অসমৰ ৪ খন জিলাত AFSPA সম্প্ৰসাৰণ

নেশ্যনেল ডেস্ক,১ অক্টোবৰ:অসম আৰক্ষীয়ে জনোৱা মতে ৰাজ্যখনৰ ৪ খন জিলাত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA পুনৰ ৬ মাহৰ বাবে সম্প্ৰসাৰণ কৰা হৈছে । অসম আৰক্ষী দিৱস ২০২৩ উদযাপনত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে ৰাজ্যখনত AFSPA আন ৪ খন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে আজিৰে পৰা অসমৰ মাত্ৰ ৪ খন জিলাতে AFSPA অব্যাহত থাকিব । জিলা কেইখন হৈছে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ ।

আৰক্ষী সঞ্চালক প্ৰধানৰ মতে ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ AFSPA যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে । অসম চৰকাৰে অন্তিমবাৰৰ বাবে এই ৮ খন জিলাত ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ AFSPAৰ অধীনত 'অশান্ত এলেকা' অধিসূচনা আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰিছিল । AFSPAয়ে নিৰাপত্তা বাহিনীক কোনো আগতীয়া ৱাৰেণ্ট অবিহনে অভিযান চলাবলৈ আৰু যিকোনো লোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা প্ৰদান কৰে । লগতে যদি তেওঁলোকে কাৰোবাক গুলীয়াই হত্যা কৰে তেনেহ'লে বাহিনীক গ্ৰেপ্তাৰ আৰু গোচৰৰ পৰা ৰেহাই দিয়া হয় ।

উত্তৰ পূৰ্বাঞ্চল প্ৰায়ে AFSPAক লৈ বিতৰ্কত থাকে । চৰকাৰে প্ৰায়ে অঞ্চলটোৰ অশান্ত অংশত আইন-শৃংখলাৰ কথা উল্লেখ কৰি নিজৰ প্ৰতিৰক্ষাৰ দাবী কৰে । ইফালে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কিছু অংশত আৰু ৬ মাহৰ বাবে AFSPA সম্প্ৰসাৰণ কৰা হৈছে ।

গৃহ মন্ত্ৰালয়ে বিষয়টো সন্দৰ্ভত দুটা পৃথক জাননী জাৰি কৰিছে । কেন্দ্ৰই কয় যে চীন আৰু ম্যানমাৰৰ সীমান্তৱৰ্তী আৰু এই দুখন ৰাজ্যত সক্ৰিয় কেডাৰৰ সৈতে নাগালেণ্ডৰ এনএছচিএন গোটৰ প্ৰাথমিকভাৱে ভূগৰ্ভস্থ কাৰ্যকলাপৰ দ্বাৰা আক্ৰান্ত দুয়োখন ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পাছত সিদ্ধান্ত লোৱা হৈছে ।

প্ৰথম গেজেট অধিসূচনাত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে AFSPA ক্ষমতা প্ৰয়োগ কৰি নাগালেণ্ড ৰাজ্যৰ আন ৮ খন জিলাত ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৬ মাহৰ বাবে 'অশান্ত অঞ্চল' হিচাপে ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক :Assam police day 2023 : অসম আৰক্ষী দিৱসত আত্মবলিদান দিয়া অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ

Last Updated : Oct 1, 2023, 10:23 PM IST

ABOUT THE AUTHOR

...view details