গুৱাহাটী, ৩ মে' :আফ্ৰিকান ছোৱাইন ফিভাৰৰ কবলত পৰি ইতিমধ্যে ৰাজ্যৰ ২,৪৮৪ টা গাহৰি মৃত্যুমুখত পৰাৰ পিচত এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ভাৰত চৰকাৰৰ গাইডলাইনৰ মৰ্মে সকলো গাহৰি নিধন কৰা হ'ব বুলি চৰ্চা চলিছিল ৷ কিন্তু দেওবাৰে ৰাজ্যৰ কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাই স্পষ্ট কৰি দিয়ে যে পৰিস্থিতি পৰ্যবেক্ষণ কৰিহে সৰ্বাত্মক ৰূপত গাহৰি নিধন কৰা নকৰা বিষয়টোৰ সিদ্ধান্ত লোৱা হ'ব ।
দেওবাৰে মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলত এই কথা প্ৰকাশ কৰাৰ লগতে কয় যে, সদ্যহতে এই ৰোগৰ লক্ষণ দেখা দিয়া গাহৰিক জাকৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰা হ'ব । প্ৰতি এক কিল'মিটাৰত গাহৰি পালকসকলৰ গাহৰিৰ ৰেণ্ডম চেম্পল টেষ্ট কৰা হ'ব আৰু যদি কোনো গাহৰি আক্ৰান্ত বুলি ধৰা পৰে তেন্তে তাক জাকৰ পৰা আঁতৰাই ৰখা হ'ব ।