গুৱাহাটী, 28 ফেব্ৰুৱাৰী:ৰাজ্য কঁপোৱা গুৱাহাটীৰ ডাব’ল মাৰ্ডাৰ কেচ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে (Guwahati Double Murder case)। অৱশ্যে বৰ্তমানলৈকে আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডৰ চাৰ্জশ্বীট আদালতত দাখিল কৰা নাই ৷ এই ঘটনাক লৈ বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰি আহিছে যদিও এই সমগ্ৰ ঘটনাক আইনী দৃষ্টিভংগীৰে কেনেদৰে চোৱা হৈছে এই সন্দৰ্ভত ই টি ভি ভাৰতৰ ফালৰ পৰা বিশেষ অধিবক্তাৰ মতামত গ্ৰহণ কৰা হৈছিল (Advocate on Guwahati double murder case)।
এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ আছলাম খানে কয়, ‘‘গুৱাহাটীৰ ডাব’ল মাৰ্ডাৰৰ ঘটনাৰ বহুখিনি কথা সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ । এই ক্ষেত্ৰত আইনী দৃষ্টিভংগীৰে কথাখিনি ব্যক্ত কৰিব লাগিব । এতিয়াও আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে কেনেদৰে তদন্ত কৰিব লাগে সেয়া আৰক্ষীৰ বিষয়বস্তু । কথা হ'ল তদন্ত সঠিকভাৱে হ'ব লাগে । আৰু বিজ্ঞানসন্মত তথ্য সংগ্ৰহ কৰাৰ প্ৰয়োজন । ইয়াৰ ভিত্তিত আৰক্ষীয়ে চাৰ্জশ্বীট তৈয়াৰ কৰি আদালতত দাখিল কৰিব লাগিব । ভাৰতীয় দণ্ডবিধি ধাৰা ঠিক মতে আৰোপ কৰিব লাগিব । আদালতে এই সকলো বিষয়বোৰ চালি জাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰিব ।’’
লগতে অধিবক্তাগৰাকীয়ে কয়, ‘‘গোচৰটো ৰেয়াৰ কেচ (Rare Case) হ’ব নে সাধাৰণ ঘটনাৰ দৰে হ'ব সেয়া আদালতে তথ্য প্ৰমাণ চাই সিদ্ধান্ত গ্ৰহণ কৰিব । তাৰ ওপৰত ভিত্তি কৰি দোষীৰ শাস্তি নিৰ্ণয় কৰা হ'ব । বৰ্তমানলৈ আমি জানিব পৰা মতে, আৰক্ষীয়ে আৰক্ষীৰ কাম কৰি আছে ।’’
উল্লেখ্য যে, গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতা সহ অৰূপ ডেকা আৰু ধনটি ডেকাক সোমবাৰে পুনৰ চাৰিদনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছিল । আদালতে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ হত্যাকাণ্ডৰ অধিক তথ্য প্ৰমান সংগ্ৰহৰ বাবে বন্দনা কলিতা সহ অৰূপ ডেকা আৰু ধনটি ডেকাক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰদান কৰে । সম্প্ৰতি বন্দনা কলিতাক পানবজাৰ মহিলা আৰক্ষী থানাত আৰু অৰূপ আৰু ধনটিক নুনমাটি আৰক্ষী থানাত ৰখা হৈছে। আৰক্ষীয়ে তিনিওৰে মাৰাথান জেৰা অব্যাহত ৰাখিছে ।