গুৱাহাটী, 25 জানুৱাৰীঃ অধিবক্তা তথা বিশিষ্ট সাহিত্যিক কপুৰ চান্দ জৈনলৈ 2020 বৰ্ষৰ বাসুদেৱ জালান সোঁৱৰণি বঁটা ৷ গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ বিষয়ববীয়া তথা বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিত আগবঢ়োৱা হয় এই বঁটা । এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পুজাৰী তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী ৷ এই সভাত পৰমানন্দ ৰাজবংশীয়ে কয় যে, অসমীয়া ভাষা সংস্কৃতিলৈ অৱদান আগবঢ়োৱা বিভিন্ন ব্যক্তিসকলক এনেদৰে বাসুদেৱ বঁটা প্ৰদান কৰি অহা হৈছে ৷ গতিকে অসমীয়া সাহিত্য জগতলৈ অৱদান আগবঢ়োৱা কপুৰ চান্দ জৈনক বঁটা দিবলৈ পাই সুখী অসম সাহিত্য সভা ৷
অধিবক্তা কপুৰ জৈনলৈ বাসুদেৱ জালান সোঁৱৰণি বঁটা - পৰমানন্দ ৰাজবংশী
অসম সাহিত্য সভাৰ 2020 বৰ্ষৰ বাসুদেৱ জালান সোঁৱৰণি বঁটা প্ৰদান ৷ এই বঁটা প্ৰদান কৰা হয় অধিবক্তা তথা সাহিত্যিক কপুৰ জৈনক ৷
![অধিবক্তা কপুৰ জৈনলৈ বাসুদেৱ জালান সোঁৱৰণি বঁটা Advocate Kapur Jain Get Basudev Jalan Award 2020](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5833270-thumbnail-3x2-thghg.jpg)
অধিবক্তা কপুৰ জৈনলৈ বাসুদেৱ জালান সোঁৱৰণি বঁটা
অধিবক্তা কপুৰ জৈনলৈ বাসুদেৱ জালান সোঁৱৰণি বঁটা
উল্লেখ্য যে কপুৰ চান্দ জৈনৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ আৰু কাব্য সংকলন হৈছে প্ৰবন্ধ ভাৰতী, বসন্তৰ চকুলো আৰু হাঁহি, সোঁৱৰণি কুঁৱলী ফালি আদি ৷ লগতে তেওঁ ভালেমান ইংৰাজী আৰু হিন্দী গ্ৰন্থৰ লিখনিৰ লগতে বহুতো অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়াই আহিছে । এই অমূল্য অৱদানৰ বাবেই তেওঁক এই বৰ্ষৰ বাসুদেৱ জালান সোঁৱৰণি বঁটা প্ৰদান কৰা হয় ৷
আৰু পঢ়কঃ২০১৯ বৰ্ষৰ শিশু সাহসিকতা বঁটাৰ তালিকাত অসমৰ কমলকৃষ্ণ দাস