অসম

assam

By

Published : Oct 19, 2021, 9:54 AM IST

ETV Bharat / state

আজিৰে পৰা আৰম্ভ কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া

কৰ’ণাৰ সংহাৰ কিছু পৰিমাণে স্তিমিত হোৱাৰ পাছত এতিয়া পুনৰ আৰম্ভ হৈছে শিক্ষানুষ্ঠানসমূহৰ পাঠদান প্ৰক্ৰিয়া ৷ ইয়াৰ সমান্তৰালভাৱে আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক আৰু স্নাতক শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া ৷

Admission process of BSC 1st semester of Cotton University starting today
আজিৰে পৰা আৰম্ভ কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া

নিউজ ডেস্ক , 19 অক্টোবৰ : কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ ২০২১-২২ বৰ্ষৰ প্ৰথম ষান্মাসিকৰ নামভৰ্তি মঙলবাৰৰ পৰা আৰম্ভ হ’ব ৷ মঙলবাৰে প্ৰথম দিনা 475 নম্বৰতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ প্ৰক্ৰিয়াত অংশ ল’ব পাৰিব ৷ নামভৰ্তিৰ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্য বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে ৷

মঙলবাৰে পুৱা ১০ বজাৰ পৰা অনলাইনযোগে আৰম্ভ হ'ব নামভৰ্তি প্ৰক্ৰিয়া ৷ এইবাৰ কৰ’ণাৰ ভয়াৱহতাৰ বাবে পূৰ্বতকৈ বহু পলমকৈ আৰম্ভ হৈছে নামভৰ্তি প্ৰক্ৰিয়া ৷ আনহাতে নামভৰ্তি প্ৰক্ৰিয়াও অনলাইন পদ্ধতিৰে কৰা হৈছে ৷ মঙলবাৰৰ নামভৰ্তি প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি বুধবাৰে বিশ্ববিদ্যালয়খনত পুনৰ অনুষ্ঠিত কৰা হ’ব স্নাতক বিজ্ঞান শাখাৰ প্ৰথম ষান্মাসিকৰ নামভৰ্তি প্ৰক্ৰিয়া ৷

নামভৰ্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত কোনো তথ্য লাভৰ বাবে শিক্ষাৰ্থী তথা অভিভাৱকসকলে 0361-2601100 আৰু 88764-54313 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

আনহাতে, বিশ্ববিদ্যালয়খনৰ কলা শাখাৰ ২০২১-২২ বৰ্ষৰ প্ৰথম ষান্মাসিকৰ নামভৰ্তি প্ৰক্ৰিয়া 21 আৰু 22 অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৷

লগতে পঢ়ক :অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

ABOUT THE AUTHOR

...view details