অসম

assam

ETV Bharat / state

সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হ'ল ফাচি বজাৰৰ ৰাজকমল হোটেল - COVID-19

শেহতীয়াকৈ ফাচি বজাৰৰ ৰাজকমল হোটেলত থকা এজন লোকৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰাৰ পিচতে, প্ৰশাসনে সম্পূৰ্ণৰূপে ছীল কৰি দিয়ে হোটেলখন ।

administration sealed rajkamal hotel after found a covid-19 victim there
administration sealed rajkamal hotel after found a covid-19 victim there

By

Published : May 12, 2020, 1:15 PM IST

গুৱাহাটী, 12 মে': সোমবাৰে গুৱাহাটী মহানগৰীত নতুনকৈ দুজন লোকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি । লোক দুজনৰ ভিতৰত এজন মৰিগাঁও জিলাৰ আৰু আনজন ফাচি বজাৰ অঞ্চলৰ বুলি জানিব পৰা গৈছে । ফাচি বজাৰৰ লোকজন চাংসাৰিৰ এটা আলুৰ গুদামত কৰ্মৰত আছিল । কিছুদিন ধৰি লোকজন জ্বৰত আক্ৰান্ত হৈ থকাত ৰাজু গুপ্তা নামৰ এজন লোকে তেওঁক ফাচি বজাৰৰ ৰাজকমল হোটেলত ৰাখিছিল ।

পৰৱৰ্তী সময়ত মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত লোকজনক ভৰ্তি কৰোৱা হৈছিল আৰু সোমবাৰে লোকজনৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰে । সোমবাৰে নিশাই আৰক্ষী আৰু জিলা প্ৰশাসনে ৰাজকমল হোটেলখন সম্পূৰ্ণৰূপে ছীল কৰি দিয়ে । লগতে পুৱাৰ ভাগত আৰক্ষী আৰু প্ৰশাসনৰ লোকে ফাচি বজাৰৰ ৰাজকমল হোটেলৰ কাষৰীয়া সকলো অঞ্চলত লোকৰ প্ৰৱেশ বন্ধ কৰি দিয়ে । ৰাজকমল হোটেলত কৰ্মৰত ৮ জনকৈ কৰ্মীক হোটেলৰ ভিতৰতে আবদ্ধ কৰি ৰখা হৈছে । অতি শীঘ্ৰেই আবদ্ধ কৰ্মী সকলৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব ।

সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হ'ল ফাচি বজাৰৰ ৰাজকমল হোটেল

উল্লেখ্য যে, বৰ্তমান ৰাজ্যত ৬৪ গৰাকীকৈ লোক আক্ৰান্ত হৈছে COVID-19ত । আক্ৰান্ত সকলৰ ভিতৰত ৩৪ গৰাকী লোক আৰোগ্য হৈ উঠিছে । শেহতীয়াকৈ COVID-19ত আক্ৰান্ত ফাচি বজাৰৰ লোকজন, হোটেলত থকাৰ সময়ত কিমান লোকৰ সংস্পৰ্শলৈ আহিছেল, সেই কথা বৰ্তমানলৈ জানিব পৰা হোৱা নাই । এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে ।

লগতে পঢ়কঃমঙলবাৰৰ পৰা ৰাজ্যলৈ ওভতিব প্ৰব্ৰজিত অসমীয়া শ্ৰমিক

ABOUT THE AUTHOR

...view details