গুৱাহাটী,6 মে’ঃবিপদে সংগ নেৰা হৈছে বিতৰ্কিত আৰটিআই কর্মী দুলাল বৰাৰ । প্ৰশাসনৰ পৰা কোনোধৰণৰ অনুমতি নোলোৱাকৈ দুলাল বৰাই মহানগৰীৰ ৰুক্মিণীগাঁৱত নিৰ্মাণ কৰিছিল এটা তিনিমহলীয়া অট্টালিকা ৷ আদালতৰ নিৰ্দেশ অনুসৰি এই অট্টালিকা ভাঙি পেলাই প্ৰশাসনে । কামৰূপ মহানগৰ জিলা প্ৰশাসনে বুধবাৰে আৰক্ষী আৰু প্ৰশাসনৰ এটা দলক লৈ উপস্থিত হয় ৰুক্মিণীগাঁৱত ৷ এছকেভেটৰ লগাই ভাঙি পেলোৱা অট্টালিকাটোৰ জৰিয়তে বৰাই দীৰ্ঘদিনে ঘৰভাড়াৰ ব্যৱসায় চলাই আছিল ৷
প্ৰশাসনৰ হাতোৰাত বিধ্বস্ত আৰটিআই কৰ্মী দুলাল বৰাৰ অট্টালিকা - Administration demolish house of rti activist dulal bora guwahati kamrup metro etv bharat news
কইনাধৰাৰ পিছত প্ৰশাসনে বুধবাৰে ভাঙিলে দুলাল বৰাৰ ৰুক্মিণীগাঁৱস্থিত অট্টালিকা । অবৈধভাৱে নিৰ্মাণ কৰা আৰটিআই কৰ্মী বৰাৰ তিনিমহলীয়া অট্টালিকাটো প্ৰশাসনে এছকেভেটৰৰ সহায়ত ভাঙি ধ্বংসস্তুপলৈ পৰিণত কৰে ৷
![প্ৰশাসনৰ হাতোৰাত বিধ্বস্ত আৰটিআই কৰ্মী দুলাল বৰাৰ অট্টালিকা Administration demolish house of rti activist dulal bora guwahati kamrup metro etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7082709-thumbnail-3x2-a.jpg)
বিধ্বস্ত আৰটিআই কৰ্মী দুলাল বৰাৰ অট্টালিকা
বিধ্বস্ত আৰটিআই কৰ্মী দুলাল বৰাৰ অট্টালিকা
উল্লেখ্য যে,আদালতে জিলা প্ৰশাসনক মঙলবাৰে এই অট্টালিকা ভঙাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ বিগত কিছুদিন পূৰ্বে দুলাল বৰাৰ কইনাধৰাস্থিত অন্য এক অট্টালিকা সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল প্ৰশাসনে । আৰটিআইৰ জৰিয়তে মানুহক ব্লেকমেইলিং কৰি সম্পত্তিৰ পাহাৰ গঢ়া দুলাল বৰাক গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে । বৰ্তমান আৰটিআই কর্মীগৰাকী খানাপাৰাৰ কেন্দ্ৰীয় কাৰাগাৰৰ আলহী ।