অসম

assam

ETV Bharat / state

Silsako Beel eviction: প্ৰশাসনৰ কাণ্ড; শিলসাঁকোত উচ্ছেদৰ নামত ভুলতে ভাঙিলে সাধাৰণ লোকৰ 4 টাকৈ ঘৰ - শিলসাঁকোত উচ্ছেদ

শিলসাঁকোৰ ভূমি বুলি ভুলতে ভাঙিলে সাধাৰণ লোকৰ 4 টাকৈ ঘৰ ৷ অবৈধ ভাবে উচ্ছেদ কৰা ঘৰৰ ক্ষতি পূৰণ দিবলৈ ভুক্তভোগীৰ চৰকাৰক দাবী ৷

Silsako Beel eviction
শিলসাঁকোৰ ভূমি বুলি ভুলতে ভাঙিলে সাধাৰণ লোকৰ 4 টাকৈ ঘৰ

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:18 PM IST

শিলসাঁকোত উচ্ছেদৰ নামত ভুলতে ভাঙিলে 4 টাকৈ ঘৰ

গুৱাহাটী, 6 ছেপ্টেম্বৰ : "উচ্ছেদ কৰা মোৰ ঘৰ মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ কৰি দিয়ক ৷ অন্যথা মই আত্মহত্যা কৰিবলৈ বাধ্য হ’ম ৷" মুখ্যমন্ত্ৰীলৈ এই চৰম সকীয়নি সাতগাঁও দলবাৰীৰ মৰমী ডেকাৰ ৷ শিলসাঁকোৰ ভূমি বুলি ভুলতে মহিলাগৰাকীৰ ঘৰ ভাঙি পেলোৱাত সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি তেওঁ কয়, "মোৰ স্বামী ৰিম্পো বৰ্মনে গাড়ী শ্ব-ৰুমত কাম কৰি কষ্টেৰে দুটা কোঠাৰ পকী ঘৰ নিৰ্মাণ কৰিছিল ৷ কিন্তু উচ্ছেদ বন্ধ থকাৰ পিছতো জিলা প্ৰশাসনে সীমা নিৰ্ধাৰণ কৰি দিয়া খুঁটাৰ পৰা প্ৰায় এশ ফুট ভিতৰলৈ সোমাই আহি দলবাৰীৰ চাৰিটাকৈ ঘৰ ভাঙি চুৰমাৰ কৰে ৷ আমি ৰাইজক মাতি অনাত প্ৰশাসনৰ লোকে ভুলকৈ ঘৰ কেইটা ভঙা বুলি কৈ তাৰ পৰা পলায়ন কৰে ৷"

''এতিয়া কথা হ’ল আমাৰ এই সম্পত্তি ধংসস্তুপত পৰিণত কৰাৰ ক্ষতিপূৰণ কোনে দিব'' বুলি মুখ্যন্ত্ৰীক প্ৰশ্ন কৰে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ অবৈধ ভাবে উচ্ছেদ কৰা ঘৰৰ ক্ষতিপূৰণ দিবলৈ মৰমী ডেকাই চৰকাৰক দাবী কৰে ৷ অন্যথা পৰিস্থিতি বিষম হ’ব বুলি সকীয়াই দিয়ে ৷

উল্লেখ্য যে, GMDA কৰ্তৃপক্ষই দুদিন পূৰ্বে উচ্ছেদ বন্ধ কৰা হৈছে বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল ৷ কিন্তু বুধবাৰে জিলা প্ৰশাসনে আৰক্ষীৰ দল লৈ চাৰিটাকৈ ঘৰ আকস্মিকভাৱে বুলডজাৰেৰে উচ্ছেদ কৰে ৷ চাৰিটাকৈ ঘৰ এনেদৰে উচ্ছেদ কৰাত ৰাইজৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰে ৷ অঞ্চলটোৰ ৰাইজ ঘটনাস্থলীলৈ ওলাই অহাত অভিযানকাৰী দলটো পলায়ন কৰে ৷

উল্লেখ্য যে, জিলা প্ৰশাসনে বুধবাৰে নীতি বৰ্হিভূতভাৱে ৰিম্পু বৰ্মন, ৰিংকু দাস, মনোজ কলিতা আৰু শ্যামাকান্ত সিনহা নামৰ চাৰিটা পৰিয়ালৰ ঘৰ ভাঙি পেলোৱাৰ উভিযোগ উত্থাপন হৈছে ৷ উচ্ছেদিত চাৰিটা পৰিয়ালক ক্ষতি পূৰণ দিবলৈ এতিয়া স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে ৷

লগতে পঢ়ক :Assam Governor in Majuli : মাজুলীত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

ABOUT THE AUTHOR

...view details