গুৱাহাটী, 1 মাৰ্চ: পথ সুৰক্ষা তথা পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বিভিন্ন দিশ পৰ্যালোচনাৰ বাবে সোমবাৰে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয় (Kamrup District Road Safety Committee)। জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত পথ দুৰ্ঘটনা ৰোধৰ বাবে যোৱা পথ সুৰক্ষা সমিতিৰ সভায়ে দিয়া নিৰ্দেশনা সংশ্লিষ্ট বিভাগসমূহে কিদৰে কাৰ্যকৰী কৰিলে, সেই বিষয়ে পৰ্যালোচনা কৰা হয় ।
জালুকবাৰী, খানাপাৰা, বশিষ্ট আদি স্থানত ৰাজহুৱা পৰিবহন সেৱাৰ প্ৰকৃত ষ্টপেজ নিৰ্ণয়ৰ বিষয়টো সভাত বিশদভাৱে আলোচনা কৰা হয় (Bus stoppage of Guwahati city)। আনহাতে, কোনো ব্যক্তিৰ পথ দুৰ্ঘটনা সংঘটিত হ’লে তেওঁ যাতে মৃত্যুৰ মুখত নপৰে সেই উদ্দেশ্যে উপায়ুক্তগৰাকীয়ে সোণাপুৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আদিৰ নিৰ্দিষ্ট ট্ৰমা চেন্টাৰসমূহ ২৪ ঘন্টাই খোলা ৰখাৰ লগতে জৰুৰী চিকিৎসাৰ সকলো ধৰণৰ সুবিধা ৰাখিবলৈ উপায়ুক্তগৰাকীয়ে জিলা চিকিৎসা বিভাগক ব্যৱস্থা লবলৈ অনুৰোধ জনায় ।