গুৱাহাটী, 20 মে‘: আত্মনিৰ্ভৰশীল ভাৰত আৰু লোকেল ব্ৰেণ্ডৰ নামত প্ৰৱঞ্চনাৰ বেহু ৰচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । বুধবাৰে এক সংবাদমেল যোগে এই অভিযোগ উত্থাপন কৰে অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ ফুকনে ।
এই সংবাদমেলত মন্তব্য আগবঢ়াই অসম সংগ্ৰামী মঞ্চৰ সভাপতি গৰাকীয়ে কয় যে, "বৈচিত্ৰ্য ৰ মাজত ঐক্যক গুৰুত্ব দিয়া প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ ঐক্যক সম্পূৰ্ণ ৰূপে নস্যাৎ কৰিছে । দেশখনত বিভক্তকৰণৰ বীজ ৰোপণ কৰি আজি দেশৰ বিভিন্ন অঞ্চলত শ্ৰম কৰি ভাৰতৰ বিকাশত সহযোগ আগবঢ়োৱা শ্ৰমিক সকল কৰ্মৰত হৈ থকা ৰাজ্যতে নিৰাপত্তা দি ৰখাৰ বিপৰীতে নিজৰ নিজৰ ৰাজ্যলৈ আতৰি যোৱাৰ পৰিৱেশ সৃষ্টি কৰিলে । লগতে ২৪ মাৰ্চ নিশা ৮ বজাত ৪ ঘন্টা সময় দি নিশা ১২ বজাৰ পৰা দেশত তলাবন্ধ তথা ল'কডাউন ঘোষণা কৰি দেশবাসীৰ লগতে ১২ কোটি প্ৰব্ৰজিত শ্ৰমিকৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিলে। "