গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : অসমত তৃণমূল কংগ্ৰেছৰ স্থিতি শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ তথা অসম প্ৰদেশ তৃণমূল কংগ্ৰেছে (Assam State Trinmool Congress) । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা ৰিপুণ বৰাৰ নেতৃত্বত ৰাজ্যত তৃণমূল কংগ্ৰেছৰ শক্তি বৃদ্ধিৰ বাবে বিভিন্ন প্ৰচেষ্টা চলাই থকা পৰিলক্ষিত হৈছে (TMC Assam president Ripun Bora) । তাৰেই ফলশ্ৰুতিত এইবাৰ অভিনয় জগত এৰি ৰাজনীতিৰ পথাৰত খোজ পেলালে অসমৰ অভিনয় জগতৰ এগৰাকী বলিষ্ঠ অভিনেত্ৰী জুপিতৰা ভূঞাই (actrees Jupitara Bhuyan joined TMC) । জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞাই সোমবাৰে অসম তৃণমূল কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে ।
অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞাই তৃণমূল কংগ্ৰেছত যোগদান কৰে । প্ৰদেশ তৃণমূল কংগ্ৰেছৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত অভিনেত্ৰীগৰাকীক দললৈ আদৰণি জনায় সভাপতি ৰিপুণ বৰাই । ইফালে তৃণমূল কংগ্ৰেছত যোগদানৰ পিছত জুপিতৰা ভূঞাই কয় যে, ৰাজনীতিৰ পথাৰত তেওঁৰ কাম কৰাৰ ইচ্ছা আছে । ৰাজনীতিৰ মাজেৰে ৰাইজৰ সেৱা কৰাৰ ইচ্ছা থকাৰ বাবেই তেওঁ প্ৰত্যক্ষ ৰাজীনিত খোজ পেলাইছে (Jupitara Bhuyan joined Trinmool Congress) । আগন্তুক সময়ত এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰি দলীয় মঞ্চৰ পৰা ৰাইজৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে জুপিতৰা ভূঞাই ।