কিয় এইবাৰ কা বিৰোধী আন্দোলন নকৰে ৰবি শৰ্মাই ? গুৱাহাটী, ১৬ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত নিজৰ স্থিতিত অটল আছে আৰু থাকিব অভিনেতা ৰবি শৰ্মা ৷ শুকুৰবাৰে পুনৰ এই কথা ক’লে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৷
শুকুৰবাৰে আনুষ্ঠানিকভাৱে ঘোষণা হোৱা ৰবি শৰ্মা অভিনীত বিগ বাজেটৰ নতুন অসমীয়া ছবি ‘ৰুদ্ৰ’ টীমৰ সংবাদমলতে উপস্থিত থকা অভিনেতাগৰাকীয়ে ‘কা’ৰ প্ৰসংগতো কৰিলে কেতবোৰ মন্তব্য ৷ তেওঁ কয়, ‘‘ 'কা’ৰ বিৰোধিতা তেতিয়াও কৰিছিলোঁ আৰু সকলোৱে যেতিয়া নাচ-গান কৰিছিল তাৰ আগতেও কৰিছিলো ৷ তাৰ পিছতো কৰি আছো ৷’’
নাগৰিকত্ব সংশোধনী আইনক লৈ জুবিন গাৰ্গৰ পৰি আৰম্ভ কৰি বিভিন্নজনৰ মাজত কৃত্বিত্ব দাবীৰ প্ৰতিযোগিতা চলি থকাৰ মাজতে শুকুৰবাৰে এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰিলে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ৷ অসমীয়া ছবিৰ ছুপাৰ ষ্টাৰগৰাকীয়ে কয়, ‘‘ মই 'কা’ৰ বিৰোধিতা আগতেও কৰিছিলোঁ, এতিয়াও কৰিম ৷”
'কা’ বিৰোধিতা কৰিলেও এইবাৰ আৰু ৰবি শৰ্মাই আন্দাোলন কৰিবলৈ নাযায় বুলিও মন্তব্য কৰে ৷ আন্দোলনক পিছলৈ একাংশই অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰাক লৈয়ো আক্ষেপ প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷
ৰবি শৰ্মাই কয়, “ মই এইবাৰ আন্দোলন নকৰো । কাৰণ আন্দোলনৰ পৰিণতি মই ভাল দেখা নাই ৷ কাৰণ আন্দোলন পিছলৈ এটা অস্ত্ৰ হৈ পৰে । যাক ব্যৱহাৰ কৰা হয় । মই নিজৰ শৈলীৰে 'কা’ৰ প্ৰতিবাদ কৰিম ৷ কামৰ মাধ্যমেৰে প্ৰতিবাদ কৰিম ৷ আন্দোলন মোৰ কাম নহয় ।”
ইয়াৰোপৰি ‘কা’ বিৰোধী আন্দোলনৰ সময়ত চান্দমাৰীত হোৱা নাচ-গানৰ অনুষ্ঠানৰ প্ৰতি ৰবি শৰ্মাৰ সমৰ্থন নাছিল বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অভিনেতাগৰাকীয়ে ৷ তেওঁ কয়, “ চান্দমাৰী ফিল্ডত নাচ-গান হওঁতে মই নাছিলোঁ ৷ তাৰ অৰ্থটো আছিল যে মই সেই কামটো সমৰ্থন কৰা নাছিলো ৷ ”
লগতে পঢ়ক :শ্ৰী ৰঘূপতিৰ বৃহৎ সাফল্যৰ পাছত এইবাৰ ৰবি শৰ্মাৰ ৰুদ্ৰ