অভিনেতা পল ফুকনৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ গুৱাহাটী, 16 অক্টোবৰ: চম্পাৱতী ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে নতুন অসমীয়া ছবি 'বীৰ' । ১৩ অক্টোবৰত ৰাজ্যৰ বহু কেইটা ছবিগৃহত মুক্তি লাভ কৰিছে ছবিখন । এই ছবিখন প্ৰযোজনা কৰিছে দীপ্তি ইছলাম আৰু খুছবু বেগমে । আনহাতে ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক নাৰায়ণ শীলে ।
ছবিখন অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰাজ, লনীশ্ৰী দাস, পল ফুকন, মুকুল দাস, ভৱেশ দাস, অনয়া ব্ৰহ্ম, বাবলি বৰা, প্ৰিয়া পি শৰ্মা, ছাজু আহমেদ, ৰক্তিম ৰাজ, জোন সাগৰ, প্ৰিন্স, মীনৰ, ওম কাশ্যপ, মাণিক ৰয় আৰু অনিন্দিতা ৰুদৰাজে । ছবিখনৰ পাণ্ডুলিপি আৰু সংলাপ ঋষি কলিতাৰ ।
আনহাতে ছবিখনৰ সংগীত পৰিচালনা কৰিছে কুকিল সিনহাই । ছবিখনত সন্নিবিষ্ট গীত কেইটাত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী আৰু আনায়া ব্ৰহ্মই । ছবিখনত এগৰাকী আৰক্ষী বিষয়াৰ ভূমিকাত অভিনয় কৰিছে অভিনেতা পল ফুকনে । শেহতীয়াকৈ ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতা পল ফুকনে কয়,‘‘সমাজত ঘটি থকা কিছু সমস্যা তথা ঘটনাৰাজীক কাহিনী হিচাবে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । ছবিখনৰ বিষয়বস্তুটোৱে দৰ্শকক আমোদ প্ৰদান কৰিব । ছবিখনত একচনত বিশেষ প্ৰাধান্য দিয়া হৈছে ।’’
আনহাতে বৰ্তমান সময়ত প্ৰতি সপ্তাহত এখনকৈ অসমীয়া ছবি মুক্তিৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতাগৰাকীয়ে কয়,‘‘প্ৰতি সপ্তাহত অসমীয়া ছবি মুক্তি পোৱাটো এক ভাল খবৰ । অসমত এতিয়া অসমীয়া ছবি যিমান খিনি হৈছে ঠিক সেই অনুপাতে যদি ছবিগৃহও হয় তেন্তে আৰু ভাল হ’ব অসমীয়া ছবি জগত বাবে আৰু ভাল হ’ব । গাঁৱে-ভূঞে হে আমাৰ দৰ্শক বেছি আছে । ছবিগৃহসমূহ এতিয়া চহৰতহে আছে, যদি গাঁৱে-ভূঞে ছবিগৃহসমূহ হয় আৰু তাত যদি টিকটৰ দামটো অলপ কম হয় তেন্তে আৰু ভাল হ’ব দৰ্শকৰ বাবে । লগতে সদ্য মুক্তিপ্ৰাপ্ত এই ছবিখনক লৈ যথেষ্ট আশাবাদী অভিনেতাগৰাকী ।
লগতে পঢ়ক:New Assamese film: ছবিগৃহলৈ নতুন অসমীয়া ছবি বীৰ