চিটাৰা ডেস্ক, 17 অক্টোবৰ: সৰুৰে পৰা এটা সাংস্কৃতিৱান পৰিয়ালত ডাঙৰ দীঘল হৈছিল অভিনেতা পল ফুকন । মাতৃ যশস্বী অভিনেত্ৰী ৰেবা ফুকন আনহাতে মোমায়েক অসমীয়া ছবি জগতৰ মহানায়ক বিজু ফুকন । সৰুৰে পৰা মাতৃ আৰু মোমায়েকক অভিনয় কৰা দেখি আহিছে পল ফুকনে । সৰুতে গৰমৰ বন্ধ দিলেই মাতৃৰ লগত থিয়েটাৰৰ আখৰালৈ গৈছিল পল । তেতিয়াৰ পৰাই অভিনয়ৰ প্ৰতি ধাউতি জন্মিছিল অভিনেতাগৰাকীৰ । ইয়াৰ পিচত আৰু কি আছিল মাতৃ আৰু মোমায়েকৰ দৰে পলেও অভিনয় জগতখনত খোজ দিব বিচাৰিছিল ৷
কেতিয়া ছবিজগতলৈ ভৰি দিছিল পল ফুকনে ?
অভিনেতা পল ফুকন অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হৈছিল ২০০১ চনত । তেওঁৰ প্ৰথমখন ছবি আছিল ‘‘জীৱন নদীৰ দুটি পাৰ’’ । কিন্তু আপুনি জানেনে অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হোৱাৰ পূৰ্বে ডাবিঙৰ কাম কৰিছিল অভিনেতাগৰাকীয়ে । অসমৰ বহু কেইজন অভিনেতাৰ ডাবিং দিছে অভিনেতাগৰাকীয়ে ।
পল ফুকনৰ শিক্ষা জীৱনৰ আৰম্ভণি গুৱাহাটীৰ পৰা হৈছিল যদিও, ভিন্ন কাৰণত তেওঁৰ বিদ্যালয় সলনি কৰিবলগীয়া হৈছিল। কলেজীয়া শিক্ষা গ্ৰহণ কৰি থাকোতেই তেওঁ অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হৈছিল । বৰ্তমান সময়ত অভিনেতাগৰাকীয়ে লণ্ডন গাৰ্লচ ৰিটাৰ্নছ নামৰ এখন ৱেব ফিল্মৰ কাম কৰি আছে । তাৰোপৰি দুখন ছবিৰ কাম নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব ।
ইয়াৰোপৰি তেওঁ হাইদৰাবাদৰ ৰামোজী ফিল্ম চিটিত অৱস্থিত ই টিভি ভাৰতৰ ভগ্নী চেনেল ই টি ভি বাল্য ভাৰতৰ কাৰ্টুনসমূহৰ ডাবিং কামৰ সৈতে দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছে । অসমীয়া ছবিৰ উপৰিও ভ্ৰাম্যমাণ, ধাৰাবাহিক আদিতো কাম কৰিছে অভিনেতা পল ফুকনে । শেহতীয়াকৈ ইটিভি ভাৰত অসমেৰে হোৱা এক সাক্ষাৎকাৰত মন্তব্য কৰি অভিনেতাগৰাকীয়ে কয়,‘‘অসমত শিল্পী এগৰাকী জীয়াই থাকিবলৈ হ’লে বহুত কষ্ট কৰিব লাগে । ইয়াতে শিল্পী এগৰাকীয়ে ভ্ৰাম্যমান কৰিব লাগিব, ছবিও কৰিব লাগিব, ধাৰাবাহিকত আদি সকলো কামেই কৰিব লাগিব ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে 13 অক্টোবৰত মুক্তি লাভ কৰিছে অভিনেতাগৰাকীৰ অভিনীত ছবি 'বীৰ' ৷ এই ছবিখন প্ৰযোজনা কৰিছে দীপ্তি ইছলাম আৰু খুছবু বেগমে । পল ফুকনৰ উপৰিও ছবিখনত অভিনয় কৰিছে অভিনেতা ৰাজ, লনীশ্ৰী দাস, মুকুল দাস, ভৱেশ দাস, বাবলি বৰা, প্ৰিয়া পি শৰ্মা, ৰক্তিম ৰাজ, অনয়া ব্ৰহ্ম, ছাজু আহমেদ, জোন সাগৰ, প্ৰিন্স, মীনৰ, মাণিক ৰয়, ওম কাশ্যপ আৰু অনিন্দিতা ৰুদৰাজে ।
লগতে পঢ়ক:Paul Phukan: সদ্য মুক্তি প্ৰাপ্ত ছবি বীৰৰ সম্পৰ্কে কি ক’লে অভিনেতা পল ফুকনে