গুৱাহাটী, ২ জুলাই:হৃদয়বিদাৰক ৷ অসমীয়া ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই । সকলোকে কন্দুৱাই গুচি গ’ল কিশোৰ দাস ৷ চেন্নাইত চিকিৎসাধীন অৱস্থাতে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে (Actor Kishor Das passes away) ৷
দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ দাস । গুৱাহাটীস্থিত 'হেলথ চিটি'ত চিকিৎসাধীন হৈ থকাৰ পিছত উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল অভিনেতাগৰাকী ৷ মুম্বাইৰ পৰা চেন্নাইলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল কিশোৰক ৷ অৱশেষত চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই শনিবাৰে মৃত্যু হয় অভিনেতা কিশোৰ দাসৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৮ বছৰ ৷