গুৱাহাটী, 5 মে' : অসমত ফুটবলৰ প্ৰসাৰৰ বিষয়ে আলোচনাৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জনতা ভৱনত সাক্ষাৎ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে । ভাৰতীয় ফুটবলৰ শীৰ্ষ ক্লাব হিচাপে বৰ্তি থকাৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ মৰ্মে ইণ্ডিয়ান ছুপাৰ লীগত প্ৰতিদ্বন্দ্বিতা কৰা অভিনেতাগৰাকীৰ ‘নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব’ৰ বাবে কিছু চৰকাৰী সাহায্যৰ দিশত মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে ।
আনহাতে, ক্ৰীড়া প্ৰেমীগৰাকীৰ সৈতে অসমত ফুটবল একাডেমীকে ধৰি বিশাল ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ এক ৰূপৰেখা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে । অসমত ফুটবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে এখন ফুটবল একাডেমী স্থাপন কৰাতো গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্রত জন আব্ৰাহামৰ সৈতে বিশদভাৱে আলোচনা কৰে ।