গুৱাহাটী, ২৭ অক্টোবৰ :অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ আজি ৰাজ্যৰ ৬২ টা ছবিগৃহৰ লগতে সমগ্ৰ দেশৰে ২০০ ৰো অধিক ছবিগৃহত মুক্তি লাভ কৰিলে যতীন বৰাৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘ৰাঘৱ’ । যতীন বৰাৰ প্ৰযোজনাত জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত দ্বিতীয়খন ছবি হৈছে ৰাঘৱ ।
মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে মহানগৰীৰ চিটি চেন্টাৰৰ পি ভি আৰ ছবিগৃহত অনুষ্ঠিত হৈ যায় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ । ছবিখনত ৰাঘৱ নামৰ মুখ্য চৰিত্ৰ অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰাই । এজন চালকৰ চৰিত্ৰত ছবিখনত দেখা যাব অভিনেতাগাৰকীক ।
লগতে ছবিখনত "ৰাঘৱ"ৰ মাতৃৰ ভূমিকাত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই । ইফালে ছবিখনত অভিনয় কৰিছে নিশিতা গোস্বামী, হিৰণ্য ডেকা, সিদ্ধাৰ্থ নিপন গোস্বামীকে ধৰি কেইবাগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত পৰিচালনা কৰিছে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ।
মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে মা কামাখ্যাৰ আশীৰ্বাদ শিৰত লৈ টীম ৰাঘৱে এটি কাৰ ৰেলীত অংশ লয় । কামাখ্যা গেটৰ পৰা চান্দমাৰী ফিল্ডলৈ ওলোৱা হয় এই কাৰ ৰেলী । ইফালে ছবিখনৰ মুক্তিৰ পূৰ্বেৰ পৰাই বহুকেইটা বিষয়ক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছিল বিতৰ্কৰ ।