অসম

assam

ETV Bharat / state

কা বিৰোধী আন্দোলনক নাটক আখ্যা অভিনেতা যতীন বৰাৰ

ৰীল লাইফত দুৰ্দান্ত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেতাগৰাকীয়ে এতিয়া ৰিয়েল লাইফত অভিনয় কৰি একপ্ৰকাৰ হাঁহিৰ খোৰাক যোগাই হাঁহিয়তাৰ পাত্ৰ হৈ পৰিছে অসমবাসী ৰাইজৰ৷ কাৰণ দল ত্যাগৰ 7 মাহ নৌহওঁতেই পুনৰ এৰি যোৱা ঘৰলৈ বাট বুলিলে অভিনেতা যতীন বৰাই ৷ কা আন্দোলনৰ সময়ত লতাশিল খেলপথাৰৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অসমৰ ৰাইজৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিয়া যতীন বৰাই এতিয়া নিজৰে প্ৰতিশ্ৰুতি পাহৰি পুনৰ ভৱিষ্যতলৈকে বিজেপি দলতে থকাৰ কথা ঠিৰাং কৰিছে ৷

By

Published : Aug 17, 2020, 8:24 PM IST

Actor Jatin Bora called the CAA Protest is a drama
কা বিৰোধী আন্দোলনক নাটক আখ্যা অভিনেতা যতীন বৰাৰ

গুৱাহাটী,17 আগষ্টঃ"অসমীয়া ভাষা,অসমীয়া সংস্কৃতি তথা অসমীয়া জাতিৰ ঊৰ্ধত মোৰ কাৰণে আৰু একো হ'ব নোৱাৰে ৷ আজি মই যি হয় কেৱল অসমবাসী ৰাইজৰ কাৰণে হয় ৷অসমীয়া জাতি,অসমৰ মাটি, অসমীয়া ভাষা আৰু সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে অসমৰ ৰাইজে যি সিদ্ধান্ত আঁকোৱালি লয়,সেই সিদ্ধান্তক মই সম্পূৰ্ণ শ্ৰদ্ধা কৰোঁ"৷ এইবুলি 7 মাহৰ পূৰ্বে তেজপুৰত ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হৈ ফেচবুকত প'ষ্ট দিছিল ৰত্নাকৰৰ পৰা বাল্মীকি হোৱা অভিনেতা যতীন বৰাই ৷

কা বিৰোধী আন্দোলনক নাটক আখ্যা অভিনেতা যতীন বৰাৰ

ৰীল লাইফত দুৰ্দান্ত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেতাগৰাকীয়ে এতিয়া ৰিয়েল লাইফত অভিনয় কৰি একপ্ৰকাৰ হাঁহিৰ খোৰাক যোগাই হাঁহিয়তাৰ পাত্ৰ হৈ পৰিছে অসমবাসী ৰাইজৰ৷ কাৰণ দল ত্যাগৰ 7 মাহ নৌহওঁতেই পুনৰ এৰি যোৱা ঘৰলৈ বাট বুলিলে অভিনেতা যতীন বৰাই ৷ কা আন্দোলনৰ সময়ত লতাশিল খেলপথাৰৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অসমৰ ৰাইজৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিয়া যতীন বৰাই এতিয়া নিজৰে প্ৰতিশ্ৰুতি পাহৰি পুনৰ ভৱিষ্যতলৈকে বিজেপি দলতে থকাৰ কথা ঠিৰাং কৰিছে ৷

কা বিৰোধী আন্দোলনক নাটক আখ্যা অভিনেতা যতীন বৰাৰ

'বিজেপি দল ত্যাগ কৰাটো মোৰ আৱেগিক সিদ্ধান্ত আছিল ৷ মই বিজেপি দলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ ৷কা আন্দোলনৰ সময়ত আমাক অপব্যাখ্যাৰে বিপথে পৰিচালিত কৰা হ'ল ৷ এই কা আন্দোলনৰ নাটক খনত মোৰ দৰে বহুতো অসমপ্ৰেমী ৰাইজ বিভ্ৰান্ত হৈছিল ৷এজন আৱেগপ্ৰৱণ শিল্পী হিচাপে মই সেই সময়ত উটি-ভাঁহি গৈছিলোঁ ৷' আজি গুৱাহাটীস্থিত গুৱাহাটীস্থিত হোটেল গেটৱে’ গ্ৰেণ্ডেউৰত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে পুনৰ গেৰুৱা বসন পিন্ধিবলৈ মন মেলা অভিনেতা যতীন বৰাই ৷

কা বিৰোধী আন্দোলনক নাটক আখ্যা অভিনেতা যতীন বৰাৰ

সংবাদমেলত অভিনেতাগৰাকীয়ে কয় যে,কা বিৰোধী আন্দোলনৰ নামত অসমত কেৱল ধ্বংসলীলা চলিল । জাপানৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সুন্দৰকৈ সাজু কৰি তোলা হৈছিল কিন্তু কা আন্দোলনখনে গুৱাহাটী চহৰখন বিধ্বস্ত কৰি পেলালে ৷ সেই দিনটোৰ কথা মনত পৰিলে আজিও গা শিঁয়ৰি উঠে ৷ এই আন্দোলনৰ গাত ভেজা দিয়েই কোনোবা সাংসদ হ'ল । এই আন্দোলনৰ নাম লৈয়েই এতিয়া বহুতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কুচকাৱাজ চলাই থকাৰ লগতে নতুন-নতুন ৰাজনৈতিক দল গঠনত ব্যস্ত হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত এনেবিলাক ঘটনা দেখি- শুনিয়েই অভিনেতাগৰাকীয়ে পুনৰ বিজেপিলৈ প্ৰত্যাবৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।

লক্ষণীয়ভাৱে বিজেপিলৈ প্ৰত্যাবৰ্তনৰ কথা ঘোষণা কৰি অভিনেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেতিয়াও অসমৰ স্বাৰ্থৰ বিৰুদ্ধে গৈ কোনো কাম নকৰে বুলি তেওঁৰ দৃঢ় বিশ্বাস আছে বুলি মন্তব্য কৰে৷

আনহাতে, কিছুদিন পূৰ্বে পুনৰ বিজেপিলৈ উভতি অহাৰ বাবে অভিনেতা যতীন বৰাক সুবিধাবাদী বুলি সমালোচনা কৰিছিল বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই ৷ যাৰ প্ৰত্যুত্তৰ দি যতীন বৰাই কয় যে,ৰমেন ডেকা বা যিসকলে তেওঁক সমালোচনা কৰিছে, সেই সকলো লোকৰে সমালোচনাসমূহ তেওঁ আশীৰ্বাদ হিচাপেহে গ্ৰহণ কৰিছে ।ইপিনে অভিনেতা গৰাকীৰ সৈতে আজি একেলগে বিজেপিলৈ উভতি অহাৰ কথা সংবাদমেলযোগে ঘোষণা কৰে ডিব্ৰুগড়ৰ ডাঃ অংশুমিতা গগৈয়েও ।

উল্লেখযোগ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 গৃহীত হোৱাৰ পিছতে শদিয়াৰ পৰা ধুবুৰীলৈ নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীৰে ৰাজ্যজুৰি ব্যাপক গণ আন্দোলনৰ সৃষ্টি হৈছিল ৷5 জনকৈ শ্বহীদ হৈছিল কা বিৰোধী আন্দোলনত ৷ স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছিল সাধাৰণ ৰাইজৰ লগতে শিল্পী সমাজ ৷ প্ৰতিবাদ ইমানেই ভয়াবহ হৈ পৰিছিল যে চৰকাৰে ৰাজ্যজুৰি জাৰি কৰিবলৈ বাধ্য হৈছিল সান্ধ্য আইন ৷

কিন্তু ক্ৰমাৎ কা আন্দোলনৰ জুইকুৰা যেন নুমাবলৈ আৰম্ভ কৰিলে ৷ একত্ৰিত দল-সংগঠন এতিয়া হৈ পৰিল ভাগ-ভাগ ৷ কা আন্দোলনৰ সুবাদতে একাংশই যদি ৰাজনৈতিক দল গঠন কৰিছে,তাৰ সমান্তৰালভাৱে কা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা শিল্পী সমাজৰ একাংশই ৰাজ্যৰ সক্ৰিয় ৰাজনীতিত খোজ পেলাবলৈ সাজু হৈ উঠিছে ৷ তাৰে ভিতৰত কণ্ঠশিল্পী মানস ৰবীন, অভিনেত্ৰী বৰষা ৰাণী বিষয়া, কণ্ঠশিল্পী বাবু,সংগীত পৰিচালক অজয় ফুকন আদি বহুকেইজন শিল্পীৰ নাম ইতিমধ্যে সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷

লগতে পঢ়কঃসুশান্তৰ ঘটনাৰ চি.বি.আই তদন্তৰ দাবীত ৰাজপুত কৰণী সেনাৰ বিক্ষাভ

ABOUT THE AUTHOR

...view details