গুৱাহাটী, ২৫ জানুৱাৰী :পাঠান ছবিক লৈ বিভিন্ন বিতৰ্ক চলি (SRK film Pathan controversy) থকাৰ সময়তে পাঠান ছবিখনত অভিনয় কৰা অসমৰ দিগন্ত হাজৰিকাই ছবিখনক লৈ অযথা বিতৰ্ক নকৰাৰ বাবে আহ্বান জনাইছে (Actor Diganta Hazarika reacted on Pathan controversy) । ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয়- "পাঠান ছবিক লৈ দৰ্শকৰ উৎসাহ দেখি উৎসাহিত হৈছোঁ । এইখন এখন দেশপ্ৰেমমূলক ছবি । ইয়াক লৈ বিতৰ্ক কৰিব নালাগে (Shahrukh Khan film Pathan released on cinema) ।"
তেওঁ কয় লগতে কয়, "শ্বাহৰুখ খানৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ বাৰ্তালাপক লৈ মই সুখী । মুখ্যমন্ত্ৰীয়ে শ্বাহৰুখ খানৰ পক্ষ লৈছে । সেয়া ভাল কথা । অসমত সুন্দৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । মুখ্যমন্ত্ৰীয়ে শ্বাহৰুখ খানক চিনি নোপোৱাটো ডাঙৰ কথা নহয় । শ্বাহৰুখ খান বহল ব্যক্তিত্বৰ মানুহ । তেওঁৰ লগত কাম কৰিবলৈ পাই মই সুখী ।" দিগন্ত হাজৰিকাই লগতে কয় যে কোনোবাই পাঠানৰ পোষ্টাৰ ফালি দিয়াটো ব্যক্তিগত কথা । সেই বিষয়ে কোনো মন্তব্য নিদিয়ে বুলি তেওঁ স্পষ্ট কৰি দিয়ে । তেওঁৰ স্পষ্ট কথা, মুঠতে ছবিখনক লৈ বিতৰ্ক হ'ব নালাগে । কাৰণ ছবিখন বিতৰ্ক কৰিবলগীয়া ছবি নহয় । উল্লেখযোগ্য যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অসমৰ বিভিন্ন ছবিঘৰৰ লগতে নাৰেংগীৰ এল জি টাৱাৰত আজিৰে পৰা প্ৰদৰ্শিত হৈছে বহু চৰ্চিত ছবি পাঠান ।
প্ৰথম দৰ্শনীতে ছবিগৃহটোত হাউছ ফুল হোৱা পৰিলক্ষিত হয় । নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত বৰাৰ নেতৃত্বত বুধবাৰে পুৱাৰে পৰা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । ভিন্ন প্ৰান্তৰ পৰা দৰ্শক ছবিগৃহটোত ছবি উপভোগ কৰিবলৈ আহিছে । উল্লেখ্য যে বিগত শুকুৰবাৰে বহু বিতৰ্কিত শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত পাঠান ছবিখনৰ প্ৰদৰ্শনী বন্ধ কৰাৰ দাবীত নাৰেংগীৰ গ'ল্ড ডিজিটেল ছবিগৃহত লাগি থকা পাঠানৰ পোষ্টাৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ছবিগৃহটোত প্ৰৱেশ কৰি সামগ্ৰী লণ্ডভণ্ড কৰিছিল । ইপিনে ছবিগৃহটোত বিগত তিনিদিন ধৰি সকলো টিকট বুকিং হৈ আছে বুলি ছবিগৃহটোৰ স্বত্ত্বাধিকাৰী ললিত দাসে জানিবলৈ দিছে ।