অসম

assam

ETV Bharat / state

Bhagyadevi Theatre: ভাগ্যদেৱীৰ দুৰ্ভাগ্য; অভিনেতা কলা-কুশলীৰ থিয়েটাৰ ত্যাগ; বন্ধ নাট প্ৰদৰ্শন - Allegation against Bhagyadevi Theatre

ভাগ্যদেৱী থিয়েটাৰৰ শোচনীয় অৱস্থাৰ বাবে ওলাই আহিল অভিনেতা অৰূপ বৰা আৰু নয়নজ্যোতি গগৈ । চলিত নাট্যবৰ্ষৰ থিয়েটাৰ চলি থকাৰ সময়তে হঠাৎ ওলাই আহিব লগা হ'ল মূল অভিনেতা ।

Pathetic condition of Bhagyadevi Theatre
থিয়েটাৰ চলি থকাৰ মাজতে ওলাই আহিল অভিনেতা

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 7:37 PM IST

থিয়েটাৰ চলি থকাৰ মাজতে ওলাই আহিল অভিনেতা

গুৱাহাটী, ২০ অক্টোবৰ:অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ গোষ্ঠী ভাগ্যদেৱী থিয়েটাৰ । বিগত বৰ্ষসমূহত ভিন্ন সোৱাদৰ নাটক উপহাৰ দি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা ভাগ্যদেৱী থিয়েটাৰে এইবাৰো তিনিখনকৈ ভিন্ন ৰসৰ নাটক লৈ আৰম্ভ কৰিছিল নাট্যযাত্ৰা । পিছে ইয়াৰ মাজতে লাগিল কেৰোণ ।

চলিত নাট্যবৰ্ষৰ থিয়েটাৰ চলি থকাৰ সময়তে হঠাৎ ওলাই আহিব লগা হ'ল মূল অভিনেতা তথা অন্যান্য কলা-কুশলী । থিয়েটাৰৰ শোচনীয় অৱস্থাৰ বাবে ওলাই আহিল অভিনেতা অৰূপ বৰা আৰু নয়নজ্যোতি গগৈ । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে অভিনেতা দুগৰাকীয়ে । অভিযোগ কৰা অনুসৰি জুলাই মাহত ভাগ্যদেৱী থিয়েটাৰৰ বাবে চুক্তিবদ্ধ কৰা হৈছিল অভিনেতা দুগৰাকীক ।

কিন্তু চুক্তি হোৱাৰ পিছতো আজিলৈকে প্ৰযোজকে আগধন নিদিয়াৰ অভিযোগ অভিনেতা দুগৰাকীৰ । এই সন্দৰ্ভত মন্তব্য কৰি অভিনেতাদ্বয়ে কয় যে বাৰে বাৰে চুক্তি পত্ৰৰ কথা উল্লেখ কৰাৰ পাছতো প্ৰযোজকে নকৰিলে কোনো চুক্তিপত্ৰত স্বাক্ষৰ । একমাত্ৰ প্ৰযোজক ৰূপেন লহকৰৰ ভুলৰ বাবেই এই অৱস্থা হোৱা বুলি মন্তব্য কৰে অভিনেতাদ্বয়ে ।

যাৰ বাবে যোৱা ১৮ তাৰিখে বাগানপাৰাত শেষ পেণ্ডেলত অভিনয় কৰি ওলাই আহিব লগা হ'ল অভিনেতা দুগৰাকী । প্ৰায় ১০ লাখ টকাৰ লোকচান হোৱা বুলিও মন্তব্য অভিনেতা অৰূপ বৰাৰ ।

আনহাতে থিয়েটাৰখন চলাবৰ বাবে থাকিব লগা একো সামগ্ৰী নথকাৰ অভিযোগ অভিনেতা দুগৰাকীৰ । থিয়েটাৰখনৰ বৰ্তমান অৱস্থা ইমানেই তথৈবচ যে তাত আৰু অভিনয় কৰাৰ কোনো পৰিৱেশ নাই । এজন দুজনকৈ অভিনেতা-অভিনেত্ৰী তথা অইন কাৰিকৰী কৰ্মীয়ে থিয়েটাৰখনৰ পৰা বিদায় লোৱাৰ ফলত বৰ্তমান আৰু থিয়েটাৰখনে নাট মঞ্চস্থ কৰিব পৰাকৈ কোনো পৰিৱেশ নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে ।

যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিব লগীয়া হ'ল বুলি জনাই অভিনেতাদ্বয়ে । লগতে সকলো অসমবাসীক হাতযোৰ কৰি ক্ষমা বিচাৰিলে দুই অভিনেতাই ।

জানিবপৰা অনুসৰি আজিৰে পৰা বেছিমাৰীত পেণ্ডেল আছিল ভাগ্যদেৱীৰ । সুবোধ মজুমদাৰৰ প্ৰযোজনাত পৰিচালিত থিয়েটাৰখন চলিত নাট্যবৰ্ষৰ পৰা তিনি বছৰৰ বাবে এক চুক্তিমৰ্মে ৰূপেন লহকৰে প্ৰযোজনা কৰিছিল । কিন্তু প্ৰযোজনা আৰু ব্যৱস্থাপনাৰ কোনো ব্যৱস্থা আৰম্ভণিৰে পৰা সঠিককৈ কৰিব নোৱাৰাৰ ফলত অৱশেষত থিয়েটাৰখন বন্ধ হৈ পৰে ।

লগতে পঢ়ক:Incident at Jamira in Dibrugarh:হৰগৌৰী থিয়েটাৰৰ গেলাৰী ভাঙি আহত ৫০ দৰ্শক

ABOUT THE AUTHOR

...view details