অসম

assam

ETV Bharat / state

অখিল গগৈক কাৰাগাৰত বন্দী কৰাৰ পাছত হ্ৰাস পালে 'কা' বিৰোধী আন্দোলনৰ তীব্ৰতা - গুৱাহাটীত নৰ্মদা বাঁচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰ

মহানগৰীৰ গৌৰী সাদনত নৰ্মদা বাঁচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰ আৰু সমাজকর্মী সন্দীপ পাণ্ডে বৃহস্পতিবাৰে মিলিত হৈ কা' বিৰোধী আন্দোলনৰ ভৱিষ্যতকলৈ এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱি হিৰেণ গোঁহাই৷

Activist Sandip Pundey & Medh Patekar speak on Caa protest
অখিল গগৈক কাৰাগাৰত বন্দী কৰাৰ পাছত হ্ৰাস পালে 'কা' বিৰোধী আন্দোলনৰ তীব্ৰতা

By

Published : Feb 20, 2020, 11:28 PM IST

গুৱাহাটী,20 ফেব্ৰুৱাৰী: অখিল গগৈসহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা সকল কাৰাগাৰত বন্দী হোৱাৰ পিছত কা' বিৰোধী আন্দোলনৰ তীব্ৰতা হ্ৰাস পাইছে । আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি একত্ৰিত হৈ বিকল্প ৰাজনৈতিক দলৰ বাবে আগুৱাই আহিব লাগে । গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আলোচনাত এই মন্তব্য সমাজকর্মী সন্দীপ পাণ্ডেৰ ।

মহানগৰীৰ গৌৰী সাদনত নৰ্মদা বাঁচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰ আৰু সমাজকর্মী সন্দীপ পাণ্ডে বৃহস্পতিবাৰে মিলিত হৈ কা' বিৰোধী আন্দোলনৰ ভৱিষ্যতকলৈ এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে । ৰাজ্যৰ কেইবাটাও সংগঠনৰ সদস্যৰ লগতে সাংবাদিক, বুদ্ধিজীৱীৰ উপস্থিত আলোচনাত কা' বিৰোধী আন্দোলনৰ ভৱিষ্যতকলৈ আলোচনা কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱি হিৰেণ গোঁহাই৷

অখিল গগৈক কাৰাগাৰত বন্দী কৰাৰ পাছত হ্ৰাস পালে 'কা' বিৰোধী আন্দোলনৰ তীব্ৰতা

অনুষ্ঠানটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈসহ সমিতিৰ কেইবাগৰাকী নেতা বৰ্তমান কাৰাবন্দী হৈ থকাক তীব্ৰ সমালোচনা কৰে মেধা পাটেকাৰ আৰু সমাজকর্মী সন্দীপ পাণ্ডেৰ লগতে হীৰেন গোহাঁইয়ে ।

সমাজকর্মী সন্দীপ পাণ্ডে কয় যে, অখিল গগৈসহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা সকল কাৰাগাৰত বান্ধি হোৱাৰ পিছত কা' বিৰোধী আন্দোলনৰ তীব্ৰতা হ্ৰাস পাইছে । লগতে আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি একত্ৰিত হৈ বিকল্প ৰাজনৈতিক দলৰ বাবে আগুৱাই আহিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে সমাজকৰ্মী গৰাকীয়ে ।

উল্লেখ্য যে কাৰাবন্দী হৈ থকা অখিল গগৈক সাক্ষাৎ কৰিবলৈ নৰ্মদা বাঁচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰ আৰু সমাজকর্মী সন্দীপ পাণ্ডে বুধবাৰে গুৱাহাটীত উপস্থিতি হৈছিল । বুধবাৰে কেন্দ্ৰীয় কাৰাগাৰত অখিলক সাক্ষাৎ কৰি সন্দীপ পাণ্ডেই আছুৰ নাগৰিকত্ব সংশোধনী বিৰোধী আন্দোলনক চৰকাৰী আন্দোলন বুলি মন্তব্য প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক:ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদনখন স্বয়ং সম্পূৰ্ণ নহয়: অখিল গগৈ

ABOUT THE AUTHOR

...view details