গুৱাহাটী, ২৪ আগষ্ট: আয়ৰ সৈতে অসামঞ্জস্য সম্পত্তি গঢ়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অসম অসামৰিক সেৱাৰ (ACS) বিষয়া চাইবুৰ ৰহমানক । মঙলবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বিষয়াজনৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ তুলনাত অসামঞ্জস্যপূৰ্ণ সম্পদ সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ।
অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ ২০০২ চনৰ ২৩ জুনৰ পৰা ২০২১ চনৰ ৪ এপ্ৰিলৰ এই সময়চোৱাৰ আয় আৰু সম্পত্তি অনুসন্ধানৰ সময়ত চাইবুৰ ৰহমানৰ নিজৰ নামত তথা তেওঁৰ দুই পত্নীৰ নামত ৮৯ টা স্থাৱৰ সম্পত্তিৰ পঞ্জীয়ন দেখা গৈছিল । যাৰ মূল্য ১০০ কোটিৰো অধিক । সেই সময়ত ধুবুৰীৰ অতিৰিক্ত উপায়ুক্তৰূপে থকা চাইবুৰ ৰহমানে "অবৈধ আৰু দুৰ্নীতিপূৰ্ণ উপায়েৰে বৃহৎ সম্পত্তি" অৰ্জন কৰা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বিষয়াজনৰ বিৰুদ্ধে তদন্ত কৰি আছিল ।
অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ এই অনুসন্ধানত তেওঁৰ ৬.৩৮ কোটি টকাৰো অধিক মূল্যৰ স্থানান্তৰযোগ্য আৰু অস্থাৱৰ সম্পত্তিও উদ্ধাৰ কৰা হয় । যি তেওঁৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ তুলনাত ৯৫ শতাংশ অসামঞ্জস্যপূৰ্ণ আছিল ।
লগতে পঢ়ক: আৰক্ষীৰ দুৱাৰে দুৱাৰে 'ব্ৰইলাৰ’ ; কিন্তু কিয় ?
মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ তদন্তকাৰী বিষয়াই জনোৱা মতে, ইচ্ছাকৃতভাৱে নিজকে অবৈধভাৱে সমৃদ্ধ কৰা চাইবুৰ ৰহমানৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ বিচাৰি পোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । বিষয়াজনে সংগ্ৰহ কৰা সম্পত্তিৰ সন্তোষজনক হিচাপ দিবলৈ অক্ষম হৈছে । চাইবুৰ ৰহমানৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ (সংশোধনী) আইন ২০১৮ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ।
অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ এ চি এছ(ACS) বিষয়াজনৰ বিৰুদ্ধে তথ্য পোৱাৰ পিছতে Case no- 01/ 2021/ U/S 420/ 406/ 409 IPC R/W sec 13(1)(b)/ 2(c) গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয় । চাইবুৰ ৰহমানৰ গ্ৰেপ্তাৰ কৰাৰ পাচতে বিশেষ আদালতত হাজিৰ কৰোৱা হয় । আদালতে ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে চাইবুৰ ৰহমানক ।
অৱশ্যে আদালতৰ পৰা ওলাই অহাৰ সময়ত চাইবুৰ ৰহমানে কয়, মোৰ ওপৰত অন্যায় হৈছে, সকলো তথ্য জমা দিয়া আছে ৷ উল্লেখ্য যে চাইবুৰ ৰহমান বৰ্তমান সংখ্যালঘু আৰু উন্নয়ন বিভাগৰ কল্যাণ বিভাগত উপ-সচিব হিচাপে নিযুক্ত হৈ আছিল ।
লগতে পঢ়ক: নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নাড্ডা