অসম

assam

ETV Bharat / state

এছিদ আক্ৰমণঃ প্ৰতিক্ৰিয়া প্ৰকাশ উপ-আৰক্ষী অধীক্ষক খনিন্দ্ৰ কুমাৰ চৌধুৰীৰ - Assam Police

মহানগৰীত আৰক্ষীৰ নিছিদ্ৰ নিৰাপত্তাৰ মাজটো সংঘটিত হয় দুটাকৈ এছিদ আক্ৰমণৰ ঘটনা ৷ এছিদ আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ উপ-আৰক্ষী অধীক্ষক খনিন্দ্ৰ কুমাৰ চৌধুৰীয়ে ৷

এছিদ আক্ৰমণ

By

Published : Jun 7, 2019, 7:31 AM IST

গুৱাহাটী, 6 জুনঃনিছিদ্ৰ নিৰাপত্তাৰ মাজটো মহানগৰীত সংঘটিত হয় দুটাকৈ এছিদ আক্ৰমণৰ ঘটনা ৷ বিগত 1 জুন তাৰিখেই মহানগৰীৰ কালাপাহাৰ ভিআইপি হোটেলৰ সন্মুখত আৰু ভাস্কৰ নগৰত সংঘটিত হয় এছিদ আক্ৰমণৰ ঘটনা ৷

প্ৰথম ঘটনাটো সন্ধিয়া ৭.৩০ বজাত আৰু দ্বিতীয় ঘটনাটো নিশা ৯.৩০ বজাত সংঘটিত হয় ৷ দীপিকা বিশ্বাস আৰু অংকিতা নন্দী নামৰ দুগৰাকী যুৱতী এই আক্ৰমণৰ বলি হয় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত অংকিতা নন্দীয়ে ফটাশিল আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷

উপ-আৰক্ষী অধীক্ষক খনিন্দ্ৰ কুমাৰ চৌধুৰী

আৰু পঢ়কঃ মটৰ চাইকেলক কেন্দ্ৰ কৰি দুই ভাতৃৰ সংঘাতঃ মৃত্যু জ্যেষ্ঠ ভাতৃৰ

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ উপ-আৰক্ষী অধীক্ষক খনিন্দ্ৰ কুমাৰ চৌধুৰীয়ে ইটিভি ভাৰতৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ আৰক্ষী বিষয়াগৰাকী কোৱা অনুসৰি, এই ঘটনা কোনো ড্ৰাগছ আসক্ত যুৱকে সংঘটিত কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

...view details