অসম

assam

ETV Bharat / state

Financial scam: চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক - Financial scam

এমট্ৰ'ন (Assam Electronics Development corporation)ৰ একাউণ্টৰ পৰা ২ কোটি ৫৭ লাখ টকা হৰলুকি । দুটাকৈ গোচৰ ৰুজুৰ হোৱাৰ পাচতে গাণনিক বিষয়া ৰাহুল হুজুৰীক গ্ৰেপ্তাৰ চি আই ডিৰ ।

Accounts Officer of AMTRON Rahul Huzuri Under CID Investigation
চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক

By

Published : Nov 12, 2021, 4:31 PM IST

গুৱাহাটী, ১২ নৱেম্বৰ : বিত্তীয় খেলিমলিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এমট্ৰ’ন(Assam Electronics Development corporation)ৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক । চি আই ডিয়ে চানমাৰি থানাৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে গাণনিক ৰাহুল হুজুৰীক । এমট্ৰ'নৰ একাউণ্টৰ পৰা ২ কোটি ৫৭ লাখ টকা হৰলুকী হোৱাৰ ঘটনা সন্দৰ্ভত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ।

ৰাহুল হুজুৰীৰ বিৰুদ্ধে মহানগৰীৰ পাণবজাৰ থানা আৰু চি আই ডি(CID)য়ে দুটাকৈ গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে, যোৱা ১০ নৱেম্বৰত পোহৰলৈ আহিছিল এই জালিয়াতিৰ তথ্য । বেংক অফ মহাৰাষ্ট্ৰত আছিল এমট্ৰ'নৰ একাউণ্ট । ৮ নৱেম্বৰৰ পৰা পোহৰলৈ আহে একাউণ্ট হেক হোৱা তথ্য ৷

চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক

গ্ৰেপ্তাৰ হোৱা ৰাহুল হুজুৰীক জেৰা অব্যাহত ৰাখিছে চি আই ডিয়ে । চি আই ডিৰ মুখ্য কাৰ্যালয়ত জেৰা চলাই থকা হৈছে হুজুৰীক । এমট্ৰ'নৰ একাউণ্টৰ পৰা ধন হৰলুকি হোৱা ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল গাণনিক বিষয়া হুজুৰীক ।

লগতে পঢ়ক:তিনি মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ 72 শতাংশই লোৱা নাছিল ভেকচিন

৮ নৱেম্বৰত বেংক অফ মহাৰাষ্ট্ৰৰ পাণবজাৰ শাখাৰ পৰা ট্ৰেন্সফাৰ হৈছিল প্ৰায় ২.৫৭ কোটি টকা । ৰাহুল হুজুৰীৰ মেইলৰ পৰা ৮ নৱেম্বৰত বেংক কৰ্তৃপক্ষলৈ মেইল কৰা হৈছিল । কেইবাটাও একাউণ্টত ধন পঠিয়াবলৈ মেইল কৰিছিল গাণনিক বিষয়া ৰাহুল হুজুৰীয়ে ।

কিন্তু এমট্ৰ'নৰ কৰ্তৃপক্ষ জ্ঞাত নাছিল এই ধন ট্ৰেন্সফাৰ কৰা সন্দৰ্ভত । পিছত বেংক কৰ্তৃপক্ষ আৰু এমট্ৰ'নৰ তৰফৰ পৰা ১০ আৰু ১১ নৱেম্বৰত পাণবজাৰ থানা আৰু চি আই ডিত দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল । ইতিমধ্যে যিকেইটা একাউণ্টত পইচা ট্ৰেন্সফাৰ কৰা হৈছিল সেই আটাইকেইটা একাউণ্ট বন্ধ কৰা হৈছে ।

লগতে পঢ়ক:উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ শিক্ষার্থীৰ বাবে মাচুল ৰেহাই

আনহাতে ৰাহুল হুজুৰীয়ে নিজৰ মেইল হেক কৰা বুলি জেৰাত ভাষ্য প্ৰদান কৰিছে । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে চি আই ডিয়ে জেৰা অব্যাবহ ৰাখিছে । পূৰ্বেও বহু খেলিমেলি সংঘটিত হোৱা এমট্ৰ’নৰ আৰু অধিক বিষয়া-কৰ্মচাৰী চি আই ডিৰ জালত পৰাৰ সম্ভাৱনা আছে ।

বিত্তীয় কেলংকাৰীৰ বিষয়ত পোন প্ৰথমবাৰৰ বাবে চি আই ডিৰ জালত পৰিছে এমট্ৰ’নৰ বিষয়া । সঠিক দিশত তদন্ত আগবাঢ়িলে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে এমট্ৰ’নৰ পৰা হেৰাইছিল বহু কম্পিউটাৰ । আৰক্ষীয়ে সেইবাৰ এজন চকিদাৰক গ্ৰেপ্তাৰ কৰি তদন্ত সামৰণি মাৰিছিল ।

লগতে পঢ়ক:মহানগৰীৰ পল্টন বজাৰত সন্দেহজনক নৃশংস হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details